চিকিৎসালয়ৰ বিচনাৰ পৰায়ে জুবিন নৌতিয়ালৰ টুইট; ভগৱানে মোক চাই আছিল আৰু সেই প্ৰাণান্তিক…

0
181

চিকিৎসালয়ৰ বিচনাৰ পৰায়ে জুবিন নৌতিয়াল টুইট; ভগৱানে মোক চাই আছিল আৰু সেই প্ৰাণান্তিক দুৰ্ঘটনাটোৰ পৰা মোক…

বৃহস্পতিবাৰে কণ্ঠশিল্পী জুবিন নৌতিয়ালক লৈ এক চাঞ্চল্যকৰ খবৰ চৰ্চালৈ আহিছিল। ঘৰত চিৰিৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছিল জুবিন নৌতিয়াল। অৱশ্যে এতিয়া জুবিনৰ অনুৰাগীৰ বাবে এক সুখবৰ আহিছে।

অনুৰাগীৰ মৰম আৰু প্ৰাৰ্থনা যেন সফল হ’ল। জুবিন নৌতিয়াল এতিয়া আগৰ তুলনাত যথেষ্ট ভাল পাইছে বুলি এই তথ্য নিজেই তেওঁ টুইট কৰি জনাইছে।

অনুৰাগীসকলক জুবিন নৌতিয়ালক লৈ চিন্তিত হৈ থকা দেখা গৈছিল। সকলোৱে তেওঁৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি আছে।

সকলোৰে প্ৰাৰ্থনা আৰু মৰমৰ প্ৰভাৱত এতিয়া তেওঁ ভালেই আছে। জুবিনে টুইট কৰি অনুৰাগীৰ সৈতে নিজৰ অৱস্থাৰ বিষয়ে জানিবলৈ দিছে। তেওঁ কয় যে, ”আপোনালোকৰ মৰম- আশীৰ্বাদৰ বাবে ধন্যবাদ। ভগৱানে মোক চাই আছিল আৰু সেই মাৰাত্মক দুৰ্ঘটনাটোৰ পৰা মোক ৰক্ষা কৰিছিল। এতিয়া মই সুস্থ হৈ উঠিছো। আপোনালোকৰ অশেষ মৰম আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ।”

জুবিন নৌতিয়ালে নিজৰ সুস্থতাৰ কথা উল্লেখ কৰি এখন ফটোও পোষ্ট কৰিছে। ছবিখনত তেওঁক চিকিৎসালয়ৰ বিচনাত বহি থকা দেখা গৈছে। জুবিনৰ এখন হাতত বেণ্ডেজ লগোৱা আৰু আনখন হাতেৰে তেওঁক খাদ্য খোৱা দেখা গৈছে।
চিৰিৰ পৰা পৰি জুবিনৰ কঁকাল ভাঙি যায় কেৱল এয়াই নহয় এই ঘটনাত তেওঁৰ মূৰ, কপাল আৰু শিৰাও আঘাতপ্ৰাপ্ত হয়।