কা’ আন্দোলনৰ পৰিকল্পনাৰ বিষয়ে কি ক’লে জুবিন গাৰ্গে?
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আজি মাখিবাহাত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰে।
মাখিবাহাৰ নৱনিৰ্মিত ৰাজহুৱা পুথিভঁৰাল উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ মুখামুখি হয় জনপ্ৰিয় শিল্পী গৰাকী।
সাংবাদিকে কা’ক লৈ পুনৰ আন্দোলন হ’ব নেকি সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত জুবিন গাৰ্গে কা’ আন্দোলন সম্পৰ্কে এতিয়া একো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই পৰৱৰ্তী সময়ত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ সৈতে আলোচনা কৰি এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিলে জনোৱা হ’ব বুলি কয়।
ইপিনে, বৰাক উপত্যকাত অসমীয়া ভাষাক কৰা অপমান সম্পৰ্কত সোধা আন এক প্ৰশ্নৰ উত্তৰতো জুবিন গাৰ্গে এজন মানুহৰ কামে সমগ্ৰ বৰাক উপত্যকাৰ মানুহৰ মনোভাৱ প্ৰকাশ নকৰে বুলি কয়।
“বৰাকৰ সকলো মানুহ বেয়া নহয়, এজন মানুহে কৰা এইবোৰ কামক বেছি গুৰুত্ব দিব নালাগে। বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত সদায় একতাৰ বান্ধোন আছে,” জুবিন গাৰ্গে এইদৰে কয়।
আৰু পঢ়ক : মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে কিশোৰী ধৰ্ষণকাৰীক শাস্তি বিহি বিহাৰে গঢ়িলে নতুন ৰেকৰ্ড