26 C
Guwahati
Thursday, May 26, 2022
More

    খাদ্য দিবলৈ যোৱা Zomato-ত কৰ্মৰত যুৱকক গুলীয়াই হত্যা, তীব্ৰ চাঞ্চল্য

    খাদ্য দিবলৈ যোৱা Zomato-ত কৰ্মৰত যুৱকক গুলীয়াই হত্যা, তীব্ৰ চাঞ্চল্য

    হাৰিয়ানাত খাদ্যৰ ডেলীভাৰী কৰা জোমেটোৰ এজন ৩০ বছৰীয়া যুৱকক গুলীয়াই হত্যা কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

    হাৰিয়ানাৰ ৰেৱাৰীৰ আনছল চহৰত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।

    জোমেটত কৰ্মৰত ৩০ বছৰীয়া যুৱকজনে নিজৰ অৰ্ডাৰ ডেলীভাৰী দিবলৈ যোৱাৰ সময়ত আনছল চহৰৰ ছেক্টৰ ১৯-ত এই ঘটনাটো সংঘটিত হয়।

    আৰক্ষীয়ে প্ৰকাশ কৰা মতে, যুৱকজনৰ মোবাইল আৰু লগত থকা ধন কাঢ়ি নিয়াৰ লালসাৰ বাবেই দুৰ্বৃত্তই যুৱকজনক গুলীয়াই হত্যা কৰে।

    মৃত যুৱকজনৰ পৰা মানিবেগ আৰু মোবাইল দুৰ্বৃত্তই কাঢ়ি লৈ গৈছিল।

    গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক দিল্লীৰ ছফদাৰজং হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও প্ৰচুৰ ৰক্তক্ষৰণৰ কাৰণে যুৱকজনৰ মৃত্যু হয়।

    হাৰিয়ানা আৰক্ষীয়ে ইতিমধ্যে ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু অপৰাধীক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।

    আৰু পঢ়ক : “এই বিবাহৰ সম্পুৰ্ণৰূপে মৃত্যু ঘটিছে,” বিবাহ বিচ্ছেদৰ ৰায়দানত কিয় এনেদৰে ক’বলগীয়া হ’ল কৰ্ণাটক উচ্চ ন্যায়ালয়ে?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং