23 C
Guwahati
Sunday, January 16, 2022
More

    কৰ’ণাৰ বাবে বিদ্যালয় বন্ধ হোৱত জিম্বাৱেত প্ৰকাশ পাইছে এখন ভয়ংকৰ দৃশ্য, গভীৰ চিন্তাত চৰকাৰ

    কৰ’ণাৰ বাবে বিদ্যালয় বন্ধ হোৱত জিম্বাৱেত প্ৰকাশ পাইছে এখন ভয়ংকৰ দৃশ্য, গভীৰ চিন্তাত চৰকাৰ

    ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে জিম্বাৱেৰ বহু কিশোৰ কিশোৰীৰ। কৰ’ণাৰ বাবে বিদ্যালয় বন্ধ হোৱত জিম্বাৱেত প্ৰকাশ পাইছে এখন ভয়ংকৰ দৃশ্য। যি দৃশ্যই গভীৰ চিন্তাত পেলাইছে চৰকাৰক।

    দেশখনৰ বহু কন কন ছাত্ৰী এতিয়া সন্তানৰ মাতৃ। ১৩ বছৰীয়া মাংগুৱাও এতিয়া ৩ মহীয়া সন্তানৰ মাতৃ। বিদ্যলায় বন্ধ হোৱাৰ পিছতে দেশ খনৰ বহু কিশোৰী এতিয়া সন্তানৰ মাতৃ নতুবা গৰ্ভৱতী।

    বিদ্যালয় বন্ধ হোৱাৰ পিছৰে পৰা কেৱল দূৰৰ পৰা পানী কঢ়িওৱা, পদপথৰ কাষত ফল বা পাচলি বিক্ৰী কৰা, খাদ্য তৈয়াৰ কৰা, চাফ-চিকুন কৰা, কাপোৰ ধোৱা আৰু সন্তান লালন পালন কৰাই এতিয়া জীৱন হৈ পৰিছ ১০ বছৰৰ ওপৰৰ ছাত্ৰী সকলৰ জীৱন।

    ১২-১৩ বছৰীয়া ছাত্ৰী সকলো এতিয়া বিদ্যালয় বন্ধ হৈ পৰাৰ পিছত মাতৃত্বৰ বোজা কঢ়িয়াব লগীয়া হৈছে। নিজেই শিশু হৈ থকা অৱস্থাত এতিয়া নিজৰো সন্তান লালন পালন কৰিছে ছাত্ৰী সকলে। কৰণাৰ ফলত বিদ্যালয় বন্ধ হৈ পৰাত এক প্ৰকাৰ ভৱিষ্যত অন্ধকাৰৰ দিশে আগবাঢ়িছে জিম্বাৱেৰ কন কন ছাত্ৰী সকলৰ জীৱন ।

    ইয়াৰে ভিতৰত কোনোবা গৰাকী যদি ধৰ্ষণৰ বলি হৈছে কোনো গৰাকীক আকৌ ১২-১৩ বছৰ বয়সতে বিয়া দি দিছে। আনকি কিশোৰী সকলেও এতিয়া নিজেই কোৱা হৈছে ‘এয়াই আমাৰ জীৱন’। বাল্য বিবাহ যে এক অপৰাধ সেয়া যেন দেশখনৰ বহু লোকে পাহৰিয়েই পেলাইছে।

    যাৰ ফলত গভীৰ চিন্তাত পৰিছে দেশ খনৰ প্ৰশাসন। যি সকল ছাত্ৰী এতিয়া বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থাকিব লগীয়া হৈছিল, সেই কন কন ছাত্ৰী সকলে এতিয়া মাতৃৰ দৰে দায়িত্ব পালন কৰি আছে।

    উল্লেখ্য যে, জিম্বাৱেত ১৬ বছৰৰ তলৰ কিশোৰাৰ সৈতে ধৰ্ষণৰ অপৰাধ ১০ বছৰৰ কাৰাদণ্ড কিন্তু এতিয়া সকলো ক্ৰমান্বয়ে পাহৰণিৰ গৰ্ভত।

    আৰু পঢ়ক : অগস্ত্য মুণি আশ্ৰমত বিবাহ পাশত আৱদ্ধ হ’ল জীনত, লগতে জীনতৰ পৰা হ’ল জ্যোতি- এতিয়া আৰক্ষীৰ পৰা বিচাৰিছে সুৰক্ষা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং