28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    দুটাকৈ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ এইগৰাকী বিস্ফোৰক বেটছমেনে ক্ৰিকেটক জনালে বিদায়

    ভাৰতীয় দলৰ অলৰাউণ্ডাৰ ইউছুফ পাঠানে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটক বিদায় জনাইছে।

    ক্ৰিকেটাৰ গৰাকীয়ে আজি এই কথা টুইটাৰযোগে ঘোষণা কৰে।

    বিস্ফোৰক সোঁহতীয়া বেটছমেনজনে ভাৰতৰ হৈ ৫৭ খন এদিনীয়া খেলত ৮১০ ৰান সংগ্ৰহ কৰাৰ লগতে ২২ খন টি-২০ মেচত ২৩৬ ৰান কৰিছিল।

    ইউছুফ পাঠানৰ নামত ২টা এদিনীয়া শতক আৰু ৩ টা অৰ্ধশতক আছে। তদুপৰি এদিনীয়াত ৩৩টা আৰু টি-২০ ক্ৰিকেটত ১৩টা উইকেট দখল কৰে।

    টুইটাৰত তেওঁ অতি আৱেগিকভাৱে এটা পোষ্ট শ্বেয়াৰ কৰি অনুৰাগী তথা তেওঁৰ সতীৰ্থসকলক ধন্যবাদ জনায়।

    পাঠানে লিখে, ‘মোৰ মনত আছে যেতিয়া মই প্ৰথমবাৰৰ বাবে ভাৰতীয় জাৰ্চী পিন্ধিছিলো। কেৱল মই সেই জাৰ্চী পিন্ধা নাছিলো, সেই জাৰ্চীটো মোৰ পৰিয়াল, প্ৰশিক্ষক, বন্ধু আৰু গোটেই দেশে পিন্ধিছিল। মোৰ শৈশৱ, জীৱন ক্ৰিকেট খেলিয়েই অতিবাহিত কৰিছো আৰু মই আন্তঃৰাষ্ট্ৰীয়, ঘৰুৱা আৰু আই পি এল ক্ৰিকেট খেলিছিলো। কিন্তু আজি কিবা বেলেগ। আজি বিশ্বকাপ বা আই পি এলৰ ফাইনেল নহয়, কিন্তু ই সিমানেই গুৰুত্বপূৰ্ণ। আজি এজন ক্ৰিকেটাৰ হিচাপে মোৰ কেৰিয়াৰ অন্ত পৰিল। মই আনুষ্ঠানিকভাৱে অৱসৰ ঘোষণা কৰো’।

    ইউছুফ পাঠানে শ্বেয়াৰ কৰা পোষ্টটোত দুটা বিশ্বকাপ জয়ী হোৱা আৰু শচীন টেণ্ডুলকাৰক কান্ধত উঠোৱা মুহূৰ্তটো কেৰিয়াৰৰ শ্ৰেষ্ঠতম মুহূৰ্ত বুলি উল্লেখ কৰে।

    উল্লেখ্য যে ইউছুফ পাঠানে ২০০৭ চনৰ টি-২০ বিশ্বকাপ আৰু ২০১১ ৰ এদিনীয়া বিশ্বকাপ জয়ী হোৱা ভাৰতীয় দলৰ সদস্য আছিল।

    আনহাতে পাঠানে তেওঁৰ কেৰিয়াৰত যিকেইজন অধিনায়কৰ নেতৃত্বত ক্ৰিকেট খেলিছিল সেই প্ৰত্যেকজন অধিনায়ককে ধন্যবাদ জ্ঞাপন কৰে।

    আৰু পঢ়ক : মাৰ্চ মাহতেই অনুষ্ঠিত হ’ব অসম বিধান সভা নিৰ্বাচন, ২ মে’ত ভোট গণনা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published