
ব্যৱসায়ীক হানী ট্ৰেপিং কৰা ইউটিউবাৰক গ্ৰেপ্তাৰ! ধৰ্ষণৰ ভুৱা ভাবুকিৰে সুন্দৰী যুৱতিয়ে লুটিলে ৮০ লাখ টকা
”ৰূপে কি কৰে গুণেহে সংসাৰ তৰে”। বহু সময়ত একাংশ সুন্দৰী যুৱতীয়ে প্ৰৱঞ্চনাৰ জালত পেলাই একাংশক। বহু লোকে যাৰ বাবে কেতিয়াবা হেৰুয়াবা লগা হয় টকা-পইচাৰ পৰা আৰম্ভ কৰি সকলো।
এনে ধৰণৰ এক ঘটনা সংঘটিত হৈছে গুৰুগ্ৰামত। গুৰুগ্ৰাম আৰক্ষীৰ জালত পৰিছে নামৰা কাদিৰ নামৰ এগৰাকী ইউটিউবাৰ এগৰাকী। তেওঁক ইতিমধ্যে ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।
২২ বছৰীয়া নামৰা কাদিৰ এগৰাকী ইউটিউবাৰ। নমৰা কাদিৰৰ ইউটিউবত ৬.১৭ লাখতকৈ অধিক চাবস্ক্ৰাইবাৰ আছে। আগষ্ট মাহত বাদশ্বাহপুৰৰ ২১ বছৰীয়া দীনেশ যাদৱে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও কাদিৰ আৰু তেওঁৰ স্বামীয়ে অন্তৱৰ্তীকালীন জামিন বিচাৰি আদালতত আবেদন দাখিল কৰিছিল।
এই আৱেদন আদালতে নাকচ কৰাৰ পিছত ২৬ নৱেম্বৰত নয়ডা ছেক্টৰ ৫০ থানাত তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়।। অভিযোগ উত্থাপন হৈছে যে যুৱতী গৰাকীয়ে প্ৰৱঞ্চনাৰে বহুতৰে ধন লুটিছে।
কেৱল ইমানেই নহয় তেওঁ নিজৰ স্বামীৰ সৈতে মিলি তেওঁ এজনৰ পৰা টকা দাবী কৰে আৰু টকা নিদিলে ধৰ্ষণৰ গোচৰ দিয়াৰ ভাবুকি প্ৰদান কৰে। এই ভাবুকি প্ৰদান কৰি ভুক্তভোগীৰ পৰা সুন্দৰী যুৱতীয়ে প্ৰায় ৮০ লাখ টকা সৰকাই।
তাৰ পাছত ভুক্তভোগীয়ে ২৪ নৱেম্বৰত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। উল্লেখ্য যে, ভুক্তভোগীয়ে বিজ্ঞাপনৰ কামৰ সংক্ৰান্তত ভুক্তভোগীয়ে ইউটিউবাৰ গৰাকীক সাক্ষাত কৰিছিল।
আনকি কামৰ বাবদো টকা লৈছিল সুন্দৰী গৰাকীয়ে।এদিন ইউটিউবাৰ গৰাকীয়ে ভুক্তভোগীৰ লগত পাৰ্টী কৰিবলৈ গৈছিল আৰু তেওঁক সুৰাপান কৰাইছিল।
সুৰাপান কৰাৰ পাছত জ্ঞান হেৰুৱাই পেলাইছিল আৰু তাৰ পাছদিনা হোটেলৰ কোঠাত নিজক উদ্ধাৰ কৰিছিল। এই ঘটনাৰ পাছত তেওঁক ব্লেকমেইল কৰা আৰম্ভ কৰিছিল যুৱতী গৰাকীয়ে।