লখিমপুৰৰ যুৱকৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ গুৱাহাটীত

0
8377

লখিমপুৰৰ যুৱকৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ গুৱাহাটীত। ৰহস্যজনক ভাৱে উদ্ধাৰ হয় মৃতদেহটো।

কৰ্মসূত্ৰে দীৰ্ঘদিনৰে পৰা গুৱাহাটী মহানগৰীত বাস কৰি আছিল ৰহস্যজনক ভাৱে মৃতদেহ উদ্ধাৰ হোৱা যুৱকগৰাকীয়ে।

গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ সাৰথি পথত বাস কৰি আছিল যুৱকগৰাকীয়ে। যুৱকগৰাকীৰ নাম দিপাংকৰ শইকীয়া, বয়স আনুমানিক ২৮ বছৰমান।

কোঠাৰ ভিতৰত অৰ্ধহলিত অৱস্থাত উদ্ধাৰ হয় দিপাংকৰৰ মৃতদেহ। ঘটনাৰ বিষয়ে খবৰ লাভৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত।

প্ৰাথমিক তদন্তত আত্মহত্যাৰ ঘটনা বুলি প্ৰকাশ আৰক্ষীৰ। তথাপি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টিয়ানবষ্টিৰ VLCC পাৰ্লাৰত কাম কৰি আছিল দিপাংকৰে।