তিনিচুকীয়া জিলাৰ গুইজানৰ ডিব্ৰু নদীৰ পাৰত অস্থায়ীভাৱে স্থাপন কৰা এখন ৰিজৰ্টত পেৰাগ্লাইডিং কৰি থকা অৱস্থাত ওপৰৰ পৰা সৰি পৰি এজন লোকৰ আজি দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয়।
মৃত্যু হোৱা লোকজন লখিমপুৰ জিলাৰ পংকজ গগৈ বুলি জানিব পৰা যায়।
অস্থায়ীভাৱে স্থাপন কৰা ৰিজৰ্টখনলৈ আজি পংকজ গগৈ নামৰ যুৱকজনে পেৰাগ্লাইডিং কৰিবলৈ গৈছিল আৰু পেৰাগ্লাইডিং কৰি থকাৰ সময়তে ওপৰৰ পৰা সৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পংকজ গগৈ।
আঘাতপ্ৰাপ্ত যুৱকজনক ততাতৈয়াকৈ ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও যুৱকজনৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয়।
উল্লেখযোগ্য যে, গুইজানৰ ডিব্ৰু নদীৰ বালিচৰত সঞ্জয় দাস আৰু প্ৰসন্ন দাস নামৰ দুজন ব্যক্তিয়ে অবৈধভাৱে স্কাইলেণ্ড নামৰ ৰিজৰ্টখন স্থাপন কৰা বুলি বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় লোকসকলে অভিযোগ তুলি আহিছে।
ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ ছেনচিটিভ জ’নৰ ভিতৰত নীতি-বৰ্হিভূতভাৱে স্থাপন কৰা ৰিজৰ্টখন জিলা প্ৰশাসনে বন্ধ কৰাৰ নিৰ্দেশ দিছিল যদিও পুনৰ কেনেদৰে ৰিজৰ্টখনে ব্যাৱসায় চলাই গৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
পেৰাগ্লাইডিং কৰিবলৈ গৈ এজন যুৱকে কৰুণ মৃত্যুক সাবতিবলগীয়া হোৱাৰ পাছত স্থানীয় লোকসকলে ইয়াৰ উচিত বিচাৰৰ বাবে দাবী জনাইছে।
আৰু পঢ়ক : গণৰাজ্য দিৱসৰ দিনাই আইআইটি গুৱাহাটীৰ ছাত্ৰবাসত গৱেষক ছাত্ৰৰ মৃতদেহ উদ্ধাৰ