হিন্দুৰ পৰিচয় দি প্ৰথমে প্ৰেম, পাছত ধনৰ লেনদেন, শেষত ধন উভতাই নিদি অত্যাচাৰ যুৱতীক

0
4907

হিন্দুৰ পৰিচয় দি প্ৰথমে প্ৰেম, পাছত ধনৰ লেনদেন, শেষত ধন উভতাই নিদি অত্যাচাৰ যুৱতীক। গুৱাহাটী মহানগৰীত এই পুনৰ নাৰী প্ৰৱঞ্চনাৰ লগতে নিৰ্যাতনৰ ঘটনা

অমন হাজৰিকা নামৰ সাতগাঁৱৰ এজন যুৱকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এগৰাকী যুৱতীৰ। যুৱতীগৰাকী আপৰ এগৰাকী নেত্ৰী।

যুৱতীগৰাকীয়ে দিয়া অভিযোগ অনুসৰি যুৱকজনে নিজকে হিন্দু বুলি চিনাকি দি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল আপৰ নেত্ৰী অৰ্পিতা চক্ৰৱৰ্তীক।

সেই প্ৰেমৰ মাজত থকাৰ সময়তেই ব‍্যৱসায়ীক কাৰণত অমন হাজৰিকাই অৰ্পিতাৰ পৰা ধাৰলৈ লয় ১ লাখ ৫০ হাজাৰ টকা

কিন্তু বহুবাৰ সেই ধন উভতাই বিচৰাৰ পাছতো অমন হাজৰিকাই আদায় দিয়া নাই ধন। ধন আদায় দিয়াৰ বিপৰীতে অমন হাজৰিকাই মাৰপিট আৰু হত‍্যাৰ ভাবুকি দিয়াৰ অভিযোগ আপৰ নেত্ৰী অৰ্পিতা চক্ৰৱৰ্তীৰ।

অমন হাজৰিকাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু আপৰ নেত্ৰীগৰাকীৰ। সেই গোচৰৰ ভিত্তিতেই যোৱানিশা আৰক্ষীয়ে আটক কৰে হাজৰিকাক, যদিও আজি পুৱা মুকলি কৰি দিয়ে দিছপুৰ থানাই।

উল্লেখ্য যে, যোৱা পৌৰ নিগমৰ নিৰ্বাচনত ৪৯ নং ৱাৰ্ডৰ পৰা আপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল অৰ্পিতাই ।