মহানগৰীত সোণৰ নাওসহ এজন যুৱকক আটক

0
228

মহানগৰীত সোণৰ নাওসহ এজন যুৱকক আটক

দুৰ্গা পূজাৰ মাজতে মহানগৰীত সোণৰ নাওসহ এজন যুৱকক আটক কৰা হৈছে। জানিব পৰা মতে মহানগৰীৰ বেলতলাৰ এক ভাৰাঘৰত বাহৰ পাতি বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত কৰি আহিছিল যুৱক জনে।

দেওবাৰে দিছপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যুৱক জনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি আটকাধীন যুৱকজনৰ নাম শ্যাম কুমাৰ ।

যুৱক জনৰ ঘৰ বিহাৰত। কিছু কিছু সময় পূৰ্বে দিছপুৰৰ জনতা ভৱনৰ সমীপৰ পৰা এখন সোণৰ নাওসহ যুৱক জনক আটক কৰা হৈছে।