মৃত্যু এনেকৈয়ো আহে নে! নিশা বন্ধুৰ সৈতে খোজকাঢ়ি গৈ থাকোতে দুবাৰ হাঁচি মাৰি যুৱকৰ অকাল মৃত্যু

0
16984

মৃত্যু এনেকৈয়ো আহে নে! নিশা বন্ধুৰ সৈতে খোজকাঢ়ি গৈ থাকোতে দুবাৰ হাঁচি মাৰি যুৱকৰ অকাল মৃত্যু

কথাতেই আছে কাৰ বাবে ক’ত মৃত্যু ৰৈ থাকে সেয়া কোনেও ক’ব নোৱাৰে। ৰাস্তাৰে বন্ধুৰ সৈতে খোজকাঢ়ি গৈ থাকোঁতে এজন যুৱকে হঠাতে হাঁচি মাৰিলে। একেৰাহে দুবাৰ হাঁচি মৰাৰ পিছতে তেওঁ ৰাস্তাত বাগৰি পৰে কিন্তু যেতিয়া বন্ধুকেইজনে যুৱক জনক তুলিবলৈ চেষ্টা কৰিলে তেতিয়াহে তেওঁলোকৰ অতি আচৰিত হৈ পৰিল।

বন্ধুসকলে পৰি যোৱা বন্ধুজনৰ হাত আৰু ভৰিৰ তলুৱা ঘঁহি তেওঁক সুস্থ কৰি তুলিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোকে যুৱকজনৰ পৰা কোনো সঁহাৰি পোৱা নাছিল। অৱশেষত পৰি যোৱা যুৱকজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে।

ঘটনাটো উত্তৰ প্ৰদেশৰ মিৰাটত সংঘটিত এই ঘটনাটোৰ এটা চিচিটিভিৰ ফুটেজ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ফুটেজত চাৰিজন যুৱকক ৰাস্তাত খোজকাঢ়ি থকা দেখা গৈছে। তেওঁলোকৰ এজনে হাঁচি মাৰিবলৈ দুয়োখন হাত নাকত হেঁচি ধৰিছিল। তাৰ পিছত তেওঁ ৰাস্তাত পৰি গৈছিল।

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, চাৰিজন বন্ধুৱে নিশা প্ৰায় ১১ মান বজাত ঘৰলৈ উভতিছিল আৰু তেতিয়াই এই ঘটনা ঘটে। মৃতকৰ পৰিয়ালৰ মতে যুৱকজনৰ বুকুত মৃদু বিষ হৈ আছিল।

তেওঁ এজন স্থানীয় চিকিৎসকৰ পৰা ঔষধো খাইছিল। চিকিৎসকৰ অনুসৰি, যুৱকজন হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। অৱশ্যে, মৰণোত্তৰ পৰীক্ষাৰ পিছত বিষয়টো স্পষ্ট হ’ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।