
দক্ষিণ কামৰূপৰ সোণতলীৰ অগ্ৰদূত নিবনুৱা কৃষিপামত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ দুই সন্তানৰ পিতৃৰ কৰুণ মৃত্যু হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, নিজগৃহত বৈদ্যুতিক ফেন মেৰামতি কৰি থকাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ লোকজন অচেতন হৈ পৰে।
আহত লোকজনক সংকটজনক অৱস্থাত সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভৰ্তি কৰাই যদিও চিকিৎসকে পৰীক্ষা-নিৰীক্ষাৰ অন্তত মৃত বুলি ঘোষণা কৰে।
মৃত লোকজন জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত অগ্ৰদূত নিবনুৱা কৃষিপামৰ বদিৰউদজ্জামান বুলি জানিব পৰা গৈছে(২৫)৷
ইতিমধ্যে ঘটনাস্থলত জোৰশিমুলী আৰু সোণতলী আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
ইপিনে, বদিৰউদজ্জামানাৰ আকস্মিক মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।
ইনপুট : ৰেজাউল কবিৰ