19 C
Guwahati
Sunday, December 5, 2021
More

    ওলমি থকা বিদ্যুতৰ তাঁৰত লাগি অকাল মৃত্যুক সাৱটিলে শাওনা দাসে

    ওলমি থকা বিদ্যুতৰ তাঁৰত লাগি অকাল মৃত্যুক সাৱটিলে শাওনা দাসে

    নুমলীগড়ৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মহুৰামুখ বিলতীয়াগাঁৱত বিদ্যুতস্পৃষ্ট হৈ এজন যুৱকে কৰুণ মত্যুক সাৱটি লোৱা ঘটনাই অঞ্চলটোত শোকৰ ছা পেলাইছে।

    ঘটনাৰ বিৱৰণী অনুসৰি গাঁৱখনৰ শাওনা দাস নামৰ এজন যুৱকে এডাল বাঁহৰ টুকুৰা লৈ খৰি বিচাৰি যাওঁতে পথত বিপদসংকুলভাৱে ওলমি থকা বিদ্যুতৰ তাঁৰত লাগি অকাল মৃত্যুক সাৱটি লয়।

    বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হ’ল বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।

    এই ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতেই ঘটনাস্থলত স্থানীয় কমাৰগাঁও আৰক্ষী থানাৰ লোক উপস্থিত হৈ সকলো দিশ চালি-জাৰি চাই তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

    উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰায়ে এই ধৰণৰ কৰুণ ঘটনা সংঘটিত হৈ থকাৰ পিছতো বিয়াগোম বিদ্যুত বিভাগে কিয় এই ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ নকৰে সেয়া চিন্তনীয় বিষয় বুলি অভিহিত কৰিছে সচেতন মহলে।

    আৰু পঢ়ক : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ জালত পৰিল এগৰাকী মন্ত্ৰীৰ ব্যক্তিগত সহায়ক…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং