বাটৰ কাষত ৰৈ থাকোতেই বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি আহি যুৱকৰ কৰুণ মৃত্যু

0
939

মাৰে হৰি ৰাখে কোনে, বাটৰ কাষত ৰৈ থাকোতেই বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি আহি যুৱকৰ কৰুণ মৃত্যু। লখিমপুৰৰ নাওবৈচাৰ বৰছলাত এই শোকাৱহ ঘটনা সংঘটিত হৈছে। অচিনাক্ত ডাম্পাৰে পথৰ ওপৰত ছিগি থৈ যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যু যুৱকৰ।

লখিমপুৰৰ নাওবৈচাৰ বৰছলাৰ পৰা গড়ছিগা অভিমুখে এখন অচিনাকি ডাম্পাৰ গৈ থকা অৱস্থাত ওপৰদি যোৱা ৪৪০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত ডাম্পাৰ খন লাগি তাঁৰ ডাল ছিগি যায়। আৰু সেই বিদ্যুৎ পৰিবাহী তাঁৰ ডাল ছিগি গৈ কাষতে ৰৈ থকা ১নং বৰছলা গাৱঁৰ যুৱক তৈয়বুৰ ৰহমানৰ গাত পৰাত কৰুণ মৃত্যুক আকোৱালি লব লগা হয় ৩০ বছৰীয়া যুৱক জন।

যুৱক জনৰ আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। উক্ত ঘটনাৰ খবৰ পাই নাওবৈচা বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মচাৰী আহি নিশাৰ ভিতৰতেই বিদ্যুৎ পৰিবাহী তাঁৰ পুনৰ মেৰামতি কৰে যদিওঁ স্থানীয় ৰাইজে ঘটনাটোৰ উচিত তদন্তৰ লগতে ঘটনা সংঘটিত কৰা ডাম্পাৰ সহ চালকক আটক কৰিবলৈ আৰক্ষীক দাবী জনাইছে।

Input and Photo- Hassinur Alom

আৰু পঢ়ক : ৰেষ্টুৰেণ্টত জুৱা খেলৰ বেপাৰ, শৌচালয়ৰ পৰা উদ্ধাৰ ৪ লাখৰো অধিক টকা, লগতে আটক ৬ জুৱাৰী