গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে নদীত গা ধুবলৈ গৈছিল…পাছে দুঘণ্টাৰ অন্তত মৃতদেহ উদ্ধাৰ

0
1413

গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে নদীত গা ধুবলৈ গৈছিল…পাছে দুঘণ্টাৰ অন্তত মৃতদেহ উদ্ধাৰ

মৰিগাঁৱৰ লাহৰীঘাটৰ হিন্দু জাপৰীত আজি এক অঘটন সংঘটিত হৈছে। গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে নদীত গা ধুবলৈ গৈছিল এগৰাকী ১৯ বছৰীয়া যুৱকে।

পাছে হঠাতে নদীৰ সোঁতত উটি যায় যুৱকগৰাকী। লগে লগে হুৱাদুৱা লাগি যায় সকলোফালে। অৱশেষত দুঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত উদ্ধাৰ হয় যুৱকগৰাকী।

কিন্তু তেতিয়ালৈ বহু পলম হৈ যায়। মৃত অৱস্থাতহে উদ্ধাৰ হয় যুৱকগৰাকী। ব্ৰহ্মপুত্ৰত পৰি সলিল সমাধি ঘটে যুৱগৰাকীৰ।

১৯ বছৰীয়া মোক্তাৰ আলি নামৰ বেতঁনিৰ যুৱকগৰাকীৰ সলিল সমাধি। সমনীয়াৰ সৈতে নৈত গা ধুবলৈ নিখোজ হৈছিল মোক্তাৰ।

SDRF বাহিনীক ঘটনা সন্দৰ্ভত খবৰ দিয়া হৈছিল যদিও নিৰ্দিষ্ট সময়ত উপস্থিত নহয় SDRF বাহিনীৰ কোনো লোক। যাৰ বাবে স্থানীয় লোকেই নিজেই নামি পৰে যুৱকগৰাকীৰ উদ্ধাৰ অভিযানত।

দুঘণ্টা জোৰা চেষ্টাৰ পিছত স্থানীয় লোকে উদ্ধাৰ কৰে যুৱকগৰাকীক। উদ্ধাৰ কৰিয়ে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লা যায় যদিও মৃত্যু ঘটে মোক্তাৰৰ।

Input and Photo – Wasim Hussain