লাহৰীঘাটত ব্ৰহ্মপুত্ৰত গাঁ ধুবলৈ গৈ যুৱকৰ সলিল সমাধি
লাহৰীঘাটৰ ভূৰাগাঁৱত গাঁ ধুবলৈ গৈ এজন যুৱকৰ সলিল সমাধি ঘটাকলৈ সমগ্ৰ অঞ্চলত চাঞ্চল্য বিৰাজ কৰিছে।
ভূৰাগঁৱত ব্ৰহ্মপুত্ৰত গাঁ-ধুবলৈ গৈ যুৱকজনৰ সলিল সমাধি ঘটে।
সলিল সমাধি ঘটা যুৱকজনৰ নাম অজিত দাস(৫১) বুলি জানিব পৰা গৈছে।
পানীত ডুবি মৃত্যু হোৱা অজিত দাস সমিতিৰ কৰ্মচাৰী আছিল।
সৰবৰাহী যুৱকজনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
যুৱকজনে ব্ৰহ্মপুত্ৰত গা-ধুবলৈ গৈ বহু সময় উভতি নহাত পৰিয়ালৰ লোকৰ মাজত বিচাৰ-খোচাৰ লাগে আৰু বহু সময়ধৰি বিচৰাৰ পাছত ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে।
ভূৰাগাঁও আৰক্ষীয়ে অজিত দাসৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে।
ইনপুট- ওৱাছিম হুছেইন
আৰু পঢ়ক : উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান জেনেৰেল বিপিন ৰাৱাটৰ ভাতৃ কৰ্ণেল বিজয় ৰাৱাটৰ