
দেশ সেৱক হোৱাৰ হেঁপাহ, পাছে শাৰিৰীক পৰীক্ষা দি থাকোতেই মৃত্যুক সাৱটিলে যুৱকে।
এগৰাকী আৰক্ষী বিষয়া হিচাপে কৰ্ম কৰি সমাজৰ বাবে জনতাৰ ৰক্ষাৰ বাবে কাম কৰাৰ বহু হেঁপাহ আছিল। পাছে বিধাতাৰ লিখন কোনে খণ্ডন কৰিব পাৰে।
শাৰিৰীক পৰীক্ষা দি থাকোতেই নিয়তিৰ মৃত্যু কোলাত ঢলি পৰে যুৱক। মধ্য প্ৰদেশৰ জব্বলপুৰৰ এই কৰুণ কাহিনী।
আৰক্ষী পদৰ নিযুক্তিৰ বাবে শাৰিৰীক পৰীক্ষা চলি আছিল। অন্য বহুতৰে দৰে পুৰুষৰ ৮০০ মিটাৰ দৌৰত অংশ হৈছিল ২২ বৰ্ষীয় নৰেন্দ্ৰ কুমাৰ গৌতমেও।
কিন্তু সফলতাৰে দৌৰ সমাপ্তিৰ পাছতে ঢলি পৰে যুৱক। শ্বাস প্ৰশ্বাসত কষ্ট পোৱাৰ বাবে ততাতৈয়াকৈ হাস্পতাললৈও লৈ যোৱা হয় যুৱকগৰাকীক।
পাছে হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে যুৱকে। শাৰিৰীক পৰীক্ষাত সফল হৈয়ো জীৱনৰ পৰীক্ষাত বিফল হয় গৌতম।
যি ঘটনাই এতিয়া বহুজনৰে চকু সেমেকাই তুলিছে।
আৰু পঢ়ক :- ঐতিহাসিক সিদ্ধান্ত- দেশদ্ৰোহ আইনৰ ওপৰত স্থগিতাদেশ উচ্চতম ন্যায়ালৰ