বনভোজ খাবলৈ গৈ উভতি নাহিল কিৰণ! পাথৰত ভৰি পিছলি অকাল মৃত্যু

0
194

বনভোজে কাল হ’ল গৌৰীপুৰৰ এজন যুৱকৰ। কোকৰাঝাৰত মৃত্যু গৌৰীপুৰৰ যুৱক কিৰণ গুপ্তাৰ ।

বনভোজ খাই উভতি অহাৰ সময়তে পাথৰত ভৰি পিচল পৰি গুৰুতৰভাৱে আহত হৈছিল কিৰণ গুপ্তা নামৰ যুৱকজন।

বৃহস্পতিবাৰে গৌৰীপুৰ চহৰৰ পৰা লগৰীয়াৰ সৈতে বনভোজ খাবলৈ গৈছিল কোকৰাঝাৰৰ ভাৰত-ভূটান সীমান্ত সৰলপাৰাত।

আঘাত প্ৰাপ্ত হোৱাৰ পিছতেই ততাতিয়াকৈ কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় কিৰনক ।

কিন্তু অৱশেষত নিশা মৃত্যু হয় গৌৰীপুৰৰ কিৰণ গুপ্তাৰ। যুৱক জনৰ অকাল মৃত্যুত গৌৰীপুৰত শোকৰ ছাঁ।