
৩টা দিনৰ অন্তত চামগুৰিৰ নীলাপানী হ্ৰদত উদ্ধাৰ সন্ধানহীন যুৱকৰ মৃতদেহ। তিনিদিনীয়া চাঞ্চল্যৰ যৱনীকা পৰিল চামগুৰিৰ অভিশপ্ত নীলাপানী হ্ৰদত।
আজি ১৪ অক্টোবৰ বুধবাৰে বিয়লী বেলা স্থানীয় ৰাইজে হ্ৰদৰ পানীত প্ৰত্যক্ষ কৰে সন্ধানহীন যুৱকজনৰ মৃতদেহ। হ্ৰদৰ পানীত উপঙি উঠে যুৱকজনৰ মৃতদেহ।
অৱশেষত আজি অভিশপ্ত চামগুৰিৰ নীলাপানী হ্ৰদত উদ্ধাৰ হ’য় বিকি কলিতাৰ মৃতদেহ । আজি দুপৰীয়া স্থানীয় ৰাইজে হ্ৰদৰ পানীত প্ৰত্যক্ষ কৰে সন্ধানহীন যুৱকজনৰ মৃতদেহ।
চামগুৰি আৰক্ষীয়ে SDRF বাহিনীৰ সহযোগত মৃতদেহটো পানীৰ পৰা উঠাই মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, পানীত সাতুৰিবলৈ গৈ সন্ধানহীন হৈছিল গুৱাহাটীৰ যুৱকজন। অসম কাৰ্বন প্ৰতিষ্ঠানত কৰ্মৰত আছিল বিকি কলিতা। ৯ সতীৰ্থসহ বনভোজ খাবলৈ গৈছিল বামুণীমৈদামৰ যুৱকজন।
Photo Credit: @batssamhaque