26 C
Guwahati
Tuesday, September 27, 2022
More

    কিশোৰীক প্ৰেম নিবেদন কৰিবলৈ আহি ৰাইজৰ হাতত লপাথপা খালে যুৱকে…

    কিশোৰীক প্ৰেম নিবেদন কৰিবলৈ আহি ৰাইজৰ হাতত লপাথপা খালে যুৱকে…

    দৰঙৰ কুমাৰপাৰাত এগৰাকী কিশোৰীক প্ৰেম নিবেদন কৰিবলৈ আহি বিপাঙত পৰিল প্ৰেমিক যুৱক। প্ৰেয়সীক প্ৰেম নিবেদন কৰিবলৈ আহি ধাৰাশায়ী প্ৰেমিক যুৱক ৷

    কুমাৰপাৰাত মুমূৰ্ষু অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিলে প্ৰেমিক যুৱকজনক ৷ কলাইগাঁও সমষ্টিৰ অন্তৰ্গত বোক্ৰাঝাৰ অঞ্চলৰ আলটাফ হুছেইন নামৰ যুৱকজনে ছিপাঝাৰৰ কুমাৰপাৰা গাঁৱৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক প্ৰেম নিবেদন কৰিবলৈ আহিছিল।

    দীৰ্ঘ দিন ধৰি প্ৰেম নিবেদন কৰাৰ উদ্দেশ্যৰে মোবাইলত মেছেজৰ জৰিয়তে কিশোৰীক মানসিক নিৰ্যাতন চলাই আহিছিল যুৱকজনে৷

    আজি ৭ আগষ্ট দেওবাৰ প্ৰেমিক যুৱক জনে কুমাৰপাৰাত আহি উপস্থিত হৈ কিশোৰীক লগ কৰাৰ ব্যৰ্থ চেষ্টা চলোৱাৰ সময়তে  যুৱকগৰাকীক কিশোৰীৰ পৰিয়ালৰ লোকে প্ৰথমে বাইকেৰে খুন্দিয়াই ৷

    পৰিস্থিতি বিষম দেখি প্ৰেমিক যুৱকে পলাবলৈ চেষ্টা কৰোতেই ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে খেদি খেদি যুৱক জনক আটক কৰি মাৰপিট কৰে ৷

    পাছে ঘটনাৰ বিষয়ে আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মুমূৰ্ষু অৱস্থাত যুৱক জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

    আনহাতে ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে যুৱকজনৰ বিৰুদ্ধে পাথৰিঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷

    Input and Photo – Kishor Kalita

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং