33 C
Guwahati
Tuesday, September 27, 2022
More

    অতিকৈ ভয়ংকৰ ঘটনা ! ধৰ্ষণ কৰি চলন্ত ট্ৰাকৰ পৰা দলিয়াই দিলে যুৱতীক

    অতিকৈ ভয়ংকৰ ঘটনা ! ধৰ্ষণ কৰি চলন্ত ট্ৰাকৰ পৰা দলিয়াই দিলে যুৱতীক

    দিল্লী-আগ্ৰা ৰাষ্ট্ৰীয় ঘাই পথত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দিল্লী-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত ট্ৰাকৰ পৰা এগৰাকী যুৱতীক দলিয়াই দিয়াৰ ঘটনা পোহৰলৈ আহিছে ।

    প্ৰত্যক্ষদৰ্শীয়ে দিয়া বৰ্ণনা অনুসৰি এখন ট্ৰাক ১৯ নং ৰাষ্ট্ৰীয় ঘাইপথত (দিল্লী-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথ) কোচিকলানৰ পৰা আগ্ৰালৈ গৈ আছিল।

    দ্ৰুতবেগী ট্ৰাকৰ খিৰিকীৰ পৰা এগৰাকী যুৱতীয়ে ‘বচাও-বচাও’ বুলি চিঞৰি আছিল। যাৰ শৰীৰৰ আধা ট্ৰাকৰ ভিতৰত আছিল আৰু শৰীৰৰ আধা অংশ ট্ৰাকখনৰ খিৰিকীৰ পৰা বাহিৰৰ ওলমি আছিল।

    যুৱতি গৰাকীৰ চিঞৰ শুনি ৰাজপথত থকা লোক সকল ট্ৰাক খনৰ ওচৰলৈ যাবলৈ লওতেই যুৱতি গৰাকীক ট্ৰাকখনৰ পৰা বাহিৰলৈ দলিয়াই দিয়ে।

    ঘটনাৰ সন্দৰ্ভত স্থানিয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ গুৰুত্বৰ ভাৱে আঘাট প্ৰাপ্ত যুৱতী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে।

    আৰক্ষীয়ে দিয়া তথ্য মতে যুৱতী গৰাকীৰ ঘৰ আগ্ৰাত। তেওঁ এটা ব্যক্তিগত কোম্পানিত কৰ্মৰত। ঘটনাৰ দিনা যুৱতি গৰাকীয়ে কোচিকলান বাইপাছত গাড়ীৰ বাবে ৰৈ ৰৈ সেই ট্ৰাকখনত উঠিছিল।

    ট্ৰাকখনত যুৱতী গৰাকীৰ লগত কি হৈছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং