মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু! ১১ ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকে কেন্দ্ৰটোত থৈ গৈছিল অক্ষয়ক…

0
1

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু! ১১ ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকে কেন্দ্ৰটোত থৈ গৈছিল অক্ষয়ক…

পুনৰ বিতৰ্কত গুৱাহাটীৰ নিৰ্মান নিচামুক্তি কেন্দ্ৰৰ। মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু ৷ পাঞ্জাবাৰীৰ নিৰ্মাণ নিচামুক্তি কেন্দ্ৰত এই সংঘটিত হয় এই ভয়ানক অঘটন৷

জানিব পৰা অনুসৰি, মৃত যুৱকজন মঙলদৈৰ অক্ষয় কুমাৰ বৰা৷ ১১ ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকে কেন্দ্ৰটোত থৈ গৈছিল অক্ষয়ক৷ প্ৰায়ে অক্ষয়ৰ খবৰ লৈছিল পৰিয়ালটোৱে৷

উল্লেখ্য যে, যোগাযোগৰ সময়ত অক্ষয়ৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছিল বিষয়ববীয়াই৷ হঠাৎ যুৱকজনৰ মৃত্যুৰ খবৰে হতচকিত কৰি তোলে পৰিয়ালটোক৷

যুৱকজনক নিৰ্যাতন চলাই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে পৰিয়াল-আত্মীয়ৰ৷ পূৰ্বেও এই চেণ্টাৰটোৰ আন এটা বিল্ডিঙত এজন যুৱকে আত্মহত্যা কৰাৰ অভিযোগ কৰা হৈছে।