উত্তৰ প্ৰদেশৰ হাথৰাছ কাণ্ডৰ তদন্ত কৰিব চিবিআইয়ে…

0
1965

হাথৰাছত সংঘটিত ধৰ্ষণৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শুকুৰবাৰে দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰাৰ বাবে গৈ আধা বাটৰ পৰা উভতি আহিবলগীয়া হৈছিল কংগ্ৰেছ নেতৃত্ব। শেহতীয়াভাৱে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিবাদৰ পিছতে শনিবাৰে সন্ধিয়াৰ ভাগত ঘটনাৰ তদন্ত চিবিআইয়ে কৰিব বুলি সদৰি কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।

দিল্লীৰ পৰা ২০০ কিলোমিটাৰ নিলগত অৱস্থিত দুৰ্ভগীয়া পৰিয়ালটোৰ কাষৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু নেত্ৰী প্ৰিয়ংকা গান্ধী উপস্থিত হোৱাৰ পিছতে ঘটনাৰ প্ৰসংগত চিবিআইৰ তদন্ত দিয়াৰ কথা সদৰি কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।

‘মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হাথৰাছৰ সমগ্ৰ ঘটনা তদন্ত কৰাৰ বাবে চিবিআইক দায়িত্ব দিছে।” উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা টুইট কৰি এনেদৰে সদৰি কৰা হৈছে। উল্লেখ্য যে, ২০ বছৰীয়া যুৱতীগৰাকীক ধৰ্ষণ কৰা এই বৰবৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশে উত্তাল হৈ পৰিছে। ইয়াৰ পৰা বাদ পৰি ৰোৱা নাই অসমো। শনিবাৰে অসমতো কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ।