দিল্লীৰ এখন বিশেষ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াৰ আদালতে কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।
বুধবাৰে নিয়াৰ আদালতে য়াছিন মালিকৰ বিৰুদ্ধে আজীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে।
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰা গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ আদালতে বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকৰ বিৰুদ্ধে এই শাস্তি ঘোষণা কৰে।
বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত য়াছিন মালিকৰ বিৰুদ্ধে এই শাস্তি ঘোষণা কৰা হয়।
কাশ্মীৰত হোৱা নৰসংহাৰৰ বাবে য়াছিন মালিক জগৰীয়া বুলি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই আদালতত উল্লেখ কৰি য়াছিন মালিকৰ ফাঁচিৰ দাবী জনাইছিল যদিও নিয়াৰ আদালতে মালিকক ফাঁচি দিয়াৰ পৰিৱৰ্তে আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে, পূৰ্বে য়াছিন মালিকে ভাৰতৰ তদন্তকাৰী সংস্থাই বিগত ২৮ বছৰত তেওঁ সন্ত্ৰাসবাদী কাৰ্য্যকলাপৰ সৈতে জড়িত থকাৰ প্ৰমান দিব পাৰিলে তেওঁ ৰাজনৈতিক জীৱন ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল।