
গুৱাহাটীত উপস্থিত বলিউদৰ অভিনেত্ৰী য়ামি গৌতম। বৰঝাৰ বিমানবন্দৰত উপস্থিত অভিনেত্ৰীগৰাকী। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘দ্য গ্ৰেট গুৱাহাটী মাৰাথান’ত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে অভিনেত্ৰী য়ামি গৌতম। আজি সন্ধিয়া ৬.৩০মিনিটত আৰম্ভ হ’ব ‘দ্য গ্ৰেট গুৱাহাটী মাৰাথান’। খানাপাৰা খেলপথাৰৰ পৰা GS ৰোডৰ ABC পইন্টলৈ হ’ব এই মাৰাথান।

৩টা শাখাত অনুষ্ঠিত হ’বলগীয়া এই মাৰাথানত অংশ ল’ব প্ৰায় ৬হাজাৰ প্ৰতিযোগীয়ে। দেশ বিদেশৰ প্ৰায় ৪হাজাৰ প্ৰতিযোগীয়ে অনলাইন যোগে আবেদন জনাইছে এই মাৰাথনলৈ। এই অনুষ্ঠানতে অৰ্জুন ভোগেশ্বৰ বৰুৱাক প্ৰদান কৰা হ’ব জীৱনযোৰা সাধনা বঁটা। আজি এই মাৰাথনৰ শুভাৰম্ভণি কৰিবলৈ উপস্থিত হৈছে অভিনেত্ৰীগৰাকী। বলিউদৰ উৰি,কাবিল,ছনম ৰে, বালা, বিকি ডনাৰ, বদলাপুৰ, একছন জেকছন আদি বহুকেইখন ছবিত অভিনয় কৰিছে অভিনেত্ৰী য়ামি গৌতমে।
Photo : Time8