
মল্লযুঁজাৰু সাগৰ ধনখৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত অলিম্পিক পদক জয়ী মল্লযুঁজাৰু সুশীল কুমাৰে লাভ কৰিছে অন্তৱৰ্তীকালীন জামিন। মল্লযুঁজাৰু সুশীল কুমাৰক জামিন মঞ্জুৰ কৰে ৰোহিনী আদালতৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ শিৱাজী আনন্দে।
১৩ নৱেম্বৰত আত্মসমৰ্পণ কৰিব লাগিব সুশীল কুমাৰে। পত্নীৰ অসুস্থতাৰ কাৰণে সুশীল কুমাৰে জামিন আৱেদন দাখিল কৰিছিল।
ইয়াৰ পূৰ্বে ১২ অক্টোবৰত দিল্লীৰ আদালতে সুশীল কুমাৰৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা, দাংগা, অবৈধ কাৰ্যকলাপ আৰু অন্যান্য অপৰাধমূলক গোচৰৰ অভিযোগ উত্থাপন কৰিছিল।
ইয়াৰ ভিতৰত আছে সুশীল কুমাৰৰ লগতে আন ১৭ গৰাকী জুনিয়ৰ মল্লযুঁজাৰু। এই আটাইকেইজনৰ বিৰুদ্ধে মল্লযুঁজাৰু সাগৰ ধনকাৰৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ।
ইফালে পলায়ন কৰা আন দুজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আদালতে।
উল্লেখ্য যে, ২০২১ চনৰ ৪ মে’ত দিল্লীৰ ছত্ৰশাল ষ্টেডিয়ামত ছোনিপটৰ বাসিন্দা মল্লযুঁজাৰু সাগৰ ধনকাৰক একাংশ লোকে প্ৰহাৰ কৰি হত্যা কৰিছিল।
২০১৩ চনৰ লণ্ডন অলিম্পিকত মল্লযুঁজত ৰূপৰ পদক বিজয়ী সুশীল কুমাৰৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছিল।