যাব লাগিছিল অলিম্পিকলৈ, আনিব লাগিছিল পদক; পিছে আছে জেলত..ম’ষ্ট ৱাণ্টেড সংগীয়ো আজি গ্ৰেপ্তাৰ

0
194
যাব লাগিছিল অলিম্পিকলৈ, আনিব লাগিছিল পদক; পিছে আছে জেলত..ম'ষ্ট ৱাণ্টেড সংগীয়ো আজি গ্ৰেপ্তাৰ

যাব লাগিছিল অলিম্পিকলৈ, আনিব লাগিছিল পদক পিছে আছে জেলত..ম’ষ্ট ৱাণ্টেড সংগীয়ো আজি গ্ৰেপ্তাৰ – মানুহৰ ভাগ্য সদায়ে একে নাযায়। কোনো এক সময়ত অলিম্পিকত ভাগ লৈ পদক জিকি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। পিছে বৰ্তমানে আছে জেলত। এফালে অলিম্পিকৰ মহাৰণত দেশৰ খেলুৱৈয়ে যুঁজ দি আছে আনহাতে তীহাৰত দিন ৰাতি গনিছে সুশীল কুমাৰে।

এগৰাকী সুদক্ষ খেলুৱৈ হোৱাৰ পিছতো হত্যাকাণ্ডত জড়িত হৈ আজি টকিঅ’ৰ সলনি জেলৰ ভাত খাইছে সুশীল কুমাৰে। সেই সুশীলৰে অন্য এগৰাকী সংগী অনিলো আজি ধৰা পৰে আৰক্ষীৰ হাতত। যাৰ ওপৰত ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰক্ষীয়ে।

যাব লাগিছিল অলিম্পিকলৈ, আনিব লাগিছিল পদক; পিছে আছে জেলত..ম'ষ্ট ৱাণ্টেড সংগীয়ো আজি গ্ৰেপ্তাৰ

সাগৰ ধনকৰ হত্যাকাণ্ডত জড়িত থকাৰ অপৰাধতে আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড হৈ পৰিছিল । ৪ মে’ তাৰিখে দিল্লীৰ শত্ৰশালত প্ৰাক্তন অলিম্পিক পদক বিজেতা সুশীলে অন্য সংগী সহ মিলিত হৈ সাগৰ ধনকৰক বেয়াকৈ মাৰপিট কৰিছিল। যি মাৰপিটৰ ফলতে মৃত্যু ঘটিছিল সাগৰৰ।

সেই ঘটনাতেই সুশীল সহ ১৪ গৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনা সংঘটিত কৰি পলায়ন কৰা সুশীলকো ঘটনাৰ ১৭ দিনৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

যাব লাগিছিল অলিম্পিকলৈ, আনিব লাগিছিল পদক; পিছে আছে জেলত..ম'ষ্ট ৱাণ্টেড সংগীয়ো আজি গ্ৰেপ্তাৰ

আৰু পঢ়ক : চতিয়াত নৃশংস হত্যাকাণ্ড! কৰণে হানি খুচি হত্যা কৰিলে মহিলাক,‌‌আত্মহত্যাৰ চেষ্টা