হৃদয়স্পৰ্শী বাৰ্তা; ইতিহাস ৰচি পদক অৰ্জন কৰা মীৰাবাই চানুৱে মাকক জনালে ধন্যবাদ

0
12207
বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ ছিনিয়ৰ চেম্পিয়নশ্বিপত অংশ নলয়

হৃদয়স্পৰ্শী বাৰ্তা; ইতিহাস ৰচি পদক অৰ্জন কৰা মীৰাবাই চানুৱে মাকক জনালে ধন্যবাদ

মীৰাবাই চানুৱে ২০২০ টকিঅ’ অলিম্পিকৰ আৰম্ভণিৰ দিনা ইতিহাস ৰচি ৰূপৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা ভাৰোত্তোলক হিচাপে পৰিগণিত হয়।

৪৯ কিলোগ্ৰাম শাখাত মীৰাবাইয়ে মুঠ ২০২ কিলোগ্ৰাম (স্নেচত ৮৭ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্ক ইভেণ্টত ১১৫ কিলোগ্ৰাম) উত্তোলন কৰি ৰূপৰ পদক লাভ কৰে।

চীনৰ হউ ঝিহুইয়ে ২১০ কিলোগ্ৰাম (স্নেচত ৯৪ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্ক ইভেণ্টত ১১৬ কিলোগ্ৰাম) উত্তোলনেৰে সোণৰ পদক অৰ্জন কৰে।

ঐতিহাসিক ৰূপৰ পদক জয়ৰ পিছত, ২৬ বছৰীয়া ভাৰতীয় ভাৰোত্তোলক চানুৱে তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ জৰিয়তে এক হৃদয়স্পৰ্শী বাৰ্তা আগবঢ়ায়।

তেওঁ কয়, ‘মই এই পদকটো মোৰ দেশলৈ উৎসৰ্গা কৰিব বিচাৰো আৰু এই যাত্ৰাৰ সময়ত মোৰ সৈতে থকা সকলো ভাৰতীয়ৰ প্ৰাৰ্থনাক ধন্যবাদ জনাইছো। মই মোৰ পৰিয়ালক বিশেষকৈ মোৰ বাবে কৰা ত্যাগ আৰু মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে মাক ধন্যবাদ জনাব বিচাৰো’।

তেওঁ লগতে চৰকাৰ, ক্ৰীড়া মন্ত্ৰ্যালয়, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, আই অ’ এ, ভাৰোত্তোলন ফেডাৰেশ্যন অফ ইণ্ডিয়া, ৰে’লৱে, অ’ জি কিউ, পৃষ্ঠপোষক আৰু বিপণন সংস্থা আই অ’ এছকো ধন্যবাদ জনায়।

ইয়াৰ উপৰি মীৰাবাই চানুৱে তেওঁৰ প্ৰশিক্ষক বিজয় শৰ্মাৰ লগতে আন আন সহযোগী সকলোকো কৃতজ্ঞতা জ্ঞাপন কৰে।

আৰু পঢ়ক : ছচিয়েল মিডিয়াৰ নিচা, ১৬০ ফুট উচ্চতাৰ পৰা ভিডিঅ বনাই থকাৰ সময়তে পিছলিল ভৰি, সকলো ৰেকৰ্ড হৈ যায় মোবাইলত..