21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ভাৰতত নিৰ্মাণ হৈ আছে বিশ্বৰ সকলোতকৈ উচ্চ ৰে’লৱে ব্ৰীজ, অতি শীঘ্ৰেই হ’ব মুকলি

    ভাৰতত নিৰ্মাণ হৈ আছে বিশ্বৰ সকলোতকৈ উচ্চ ৰে’লৱে ব্ৰীজ, অতি শীঘ্ৰেই হ’ব মুকলি

    ভাৰতত নিৰ্মাণ হৈ আছে বিশ্বৰ ভিতৰতে সকলোতকৈ উচ্চ ৰে’লৱে ব্ৰীজ, অতি শীঘ্ৰেই জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব এই ৰে’লৱে ব্ৰীজ। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পিয়ুষ গোয়েলে টুইটাৰ যোগে ফটো শ্বেয়াৰ কৰি এই বিষয়ে জনাই। ইতিমধ্যেই ইয়াৰ কাম ক্ষীপ্ৰ গতিত আগবাঢ়িছে।

    শীঘ্ৰেই ইয়াৰ উদ্ঘাটন কৰা হ’ব। টুইটাৰত ফটো শ্বেয়াৰ কৰি ৰে’ল মন্ত্ৰী গোৱেলে কয় যে, চেনাব নদীৰ ওপৰত নিৰ্মাণ হৈ আছে পৃথিৱীৰ সকলোতকৈ উচ্চ স্থানৰ ৰে’লৱে ব্ৰীজ, যি ভাৰতীয় অভিযন্তাৰ বাবে এক ঐতিহাসিক ঘটনা। মাইলৰ খুটি হিচাপে পৰিণত হ’ব ভাৰতীয় অভিযন্তাৰ বাবে।

    এই ৰে’লৱে ব্ৰীজখন নিৰ্মাণ হৈ আছে কাশ্মীৰৰ ৰিয়াসী জিলাত। ষ্টীলেৰে নিৰ্মাণ কাৰ্য হৈ আছে এই ৰে’লৱে ব্ৰীজখনৰ। ইয়াৰ দৈৰ্ঘ ৩৫৯ মিটাৰ। ইয়াৰ উচ্চতা আইফেল টাৱাৰতকৈয়ো ৩৫ মিটাৰ অধিক ওখ, ইয়াৰ মুঠ উচ্চতা ৩৫৯ মিটাৰ।

    আৰু পঢ়ক : WhatsApp ত মেছজ পঢ়িব অথবা প্ৰেৰণ কৰিব নোৱাৰিব! যদি নকৰে এই কাম…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং