25 C
Guwahati
Friday, September 17, 2021
More

    বিশ্বৰ সবাতোকৈ দামী ফল, যাৰ মূল্য অধিক হোৱাৰ লগতে পাবলৈয়ো কঠিন…

    বিশ্বৰ সবাতোকৈ দামী ফল, যাৰ মূল্য অধিক হোৱাৰ লগতে পাবলৈয়ো কঠিন :-

    ফল স্বাস্থ্যৰ বাবে কিমান উপযোগী সেয়া সকলোৱে জানে। নিয়মিতভাৱে এটা আপেল খালে হেনো সকলো বেমাৰৰ পৰা আতৰি থাকিব পাৰি। তেনেদৰে এটা আমলখিয়েও বহু বেমাৰৰ পৰা আতৰত ৰাখে। কিন্তু এনে সাধাৰণ ফলৰ মাজতেই আছে কিছু অসাধাৰণ।

    নিজৰ সোৱাদ আৰু আকাৰৰ বাবে বিশ্বতে বিৰল হোৱাৰ লগতে সেই ফলৰ মূল্যও আকাশলংঘী। তেনেই সাধাৰণ ফল বোৰৰ দাম হাজাৰৰ পৰা লাখৰ ঘৰত।

    সদ্যহতে প্ৰকাশ পাইছিল বিশ্বৰ ভিতৰতে সবাতোকৈ দামী আমৰ কথা। জাপানৰ মূল এই আমৰ খেতি ভাৰতৰ মধ্যপ্ৰদেশতো কৰা হৈছিল। যি আম গছৰ ৰখীয়াক লৈয়ে বেছ চৰ্চাৰ বিষয় হৈ পৰিছিল। তাৰ বাহিৰেও আছে অন্য আৰু বহু ফল যাৰ মূল্য বহুত।

    এবিধ এনে আঙুৰ আছে যাৰ এটাৰে মূল্য ৩৫ হাজাৰ টকা। ৰুবী ৰোমন নামৰ এই আঙুৰৰ আকাৰ একোটা পিং পং বলৰ সমানষ লগতে ইয়াৰ সোৱাদো অতি সুন্দৰ যাৰ বাবেই এক নিলাম কেন্দ্ৰত ২৪ টা আঙুৰ থকা এটা থোপা ৮ লাখ ১৭ বাজাৰ টকাত বিক্ৰী হৈছিল।

    বিশ্বৰ সবাতোকৈ দামী ফল, যাৰ মূল্য অধিক হোৱাৰ লগতে পাবলৈয়ো কঠিন

    বুদ্ধা আকাৰৰ নাচপতি। প্ৰথমে চীনৰ এগৰাকী খেতিয়কে অনে আকাৰৰ নাচপতিৰ কথা চিন্তা চৰ্চা কৰে। এই বুদ্ধা আকাৰৰ একোটা নাচপতিৰেই দাম ৭০০ টকা।

    বিশ্বৰ সবাতোকৈ দামী ফল, যাৰ মূল্য অধিক হোৱাৰ লগতে পাবলৈয়ো কঠিন

    চাৰিকোণীয়া তৰমুজ, বিশেষকৈ জাপানত তৈয়াৰ হোৱা এনে নাচপতি ইয়াৰ সোৱাদ আৰু আকাৰৰ বাবে মূল্যৱান। ৫ কেটিৰ একোটা তৰমুজৰ মূল্য প্ৰায় ৬০ হাজাৰৰ ওচৰা-ওচৰি হয়।

    বিশ্বৰ সবাতোকৈ দামী ফল, যাৰ মূল্য অধিক হোৱাৰ লগতে পাবলৈয়ো কঠিন

    য়ুবৰী মেলন, যাক অসমীয়াত বামী বুলিয়ো কোৱা হয়। জাপানত খেতি হোৱা এই বিশেষ প্ৰজাতিৰ বামি বিধৰ এটা যোৰাই ২০১৯ চনত বিশ্ব ৰেকৰ্ড কৰিছিল ইয়াৰ মূল্যৰ বাবে। ৩৩ লাখ টকাত বিক্ৰী হৈছিল এক নিলাম কেন্দ্ৰত।

    বিশ্বৰ সবাতোকৈ দামী ফল, যাৰ মূল্য অধিক হোৱাৰ লগতে পাবলৈয়ো কঠিন

    ছেকাই ইচি আপেল। বিশ্বৰ ভিতৰতে সবাতোকৈ দামী এই আপেল বিধ সকলোতকৈ অধিক পুষ্টিকৰ বুলিও ধৰা হয়। পোন প্ৰথমে ইয়াক জাপানৰ বজাৰত পোৱা গৈছিল। ছেকাই ইচিৰ অৰ্থ জাপানী ভাষাত ‘পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ’।

    বিশ্বৰ সবাতোকৈ দামী ফল, যাৰ মূল্য অধিক হোৱাৰ লগতে পাবলৈয়ো কঠিন

    আৰু পঢ়ক : ”নিৰ্বাচন আয়গে সহায় নকৰিলে বিজেপিয়ে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’লহেতেন”

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং