16 C
Guwahati
Thursday, January 20, 2022
More

    বিশ্বৰ সকলোতকৈ অধিক ভৰি থকা এবিধ জীৱ, যাৰ ভৰিৰ সংখ্যা হাজাৰৰো ওপৰ…জানেনে জীৱ বিধৰ বিষয়ে..

    বিশ্বৰ সকলোতকৈ অধিক ভৰি থকা এবিধ জীৱ, যাৰ ভৰিৰ সংখ্যা হাজাৰৰো ওপৰ…জানেনে জীৱ বিধৰ বিষয়ে..

    বিশ্বৰ এনে এবিধ জীৱৰ সন্ধান ওলাইছে যাৰ ভৰিৰ সংখ্যা জানিলে আচৰিত হৈ পৰিব আপুনি। সাধাৰণতে কেৰেলুৱা বা তেনে ধৰণৰ সৰীসৃপৰ হে বহু ভৰি বা ঠেং থকা দেখা যায়। কিন্তু এনে এবিধ জীৱৰ সন্ধান ওলাইছে যাৰ ঠেঙৰ সংখ্যা এশ-দুশ নহয়, বৰঞ্চ হাজাৰৰো অধিক।

    প্ৰথমবাৰলৈ সন্ধান পোৱা গৈছে এনে এবিধ জীৱ, যাৰ ঠেঙৰ সংখ্যা ১৩০৬ খন। বিশ্বাস কৰিবলৈ কিছু টান হলেও সত্য। এই ন-আবিস্কৃত জীৱবিধ মাটিৰ ভিতৰত থাকে। সমতলৰ পৰা প্ৰায় ২০০ ফুট মান গভীৰতাত বাস কৰে এই জীৱবিধে।

    ইয়াৰ নাম মিলিপেডছ (Millipedes), যাৰ অৰ্থ বহু ভৰি। নামৰ সৈতে মিলি হৈছে জীৱ বিধ। ইয়াৰ পূৰ্বে সৰ্বাধিক ৭৫০ খন ভৰি থকা জীৱৰ হে সন্ধান পোৱা গৈছিল। এই ক্ষেত্ৰত এগৰাকী জীৱ-বিজ্ঞানীয়ে কয় যে, এই মিলিপেডছৰ নাম বহু পূৰ্বৰে পৰা আছিল। কিন্তু বিশ্বাস হোৱা নাছিল তেনে জীৱ থকাৰ।

    কিয়নো আজিলৈকে তেনে কোনো জীৱৰ সন্ধান ওলোৱা নাছিল, যাৰ হাজাৰৰো অধিক ভৰি আছিল। কিন্তু সদ্যহতে এই জীৱৰ সন্ধানে ভৱিষ্যতে আৰু বহু তথ্য আৱিস্কাৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে। উল্লেখ্য যে, বিশেষকৈ ১০০ ভৰি থকা মিলিপেডছ হে উদ্ধাৰ হয়।

    আৰু পঢ়ক : মানৱ অধিকাৰ আয়োগৰ বিশেষ সংবাদমেল, সদৰি কৰিলে বহু গুৰুত্বপূৰ্ণ তথ্য

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং