আজি ৫ ছেপ্টেম্বৰ নহয়, কিন্তু আজি শিক্ষক দিৱস…

0
306

আজি ৫ ছেপ্টেম্বৰ নহয়, ৫ অক্টোবৰ হে। কিন্তু আজি শিক্ষক দিৱস…

প্ৰতি বছৰে ৫ ছেপ্টোম্বৰ তাৰিখে সকলো শিক্ষানুষ্ঠানতে শিক্ষক দিৱস পালন কৰা হয়। পাছে সেয়া কেৱল ভাৰতবৰ্ষত হে। শিক্ষাৰ মাধ্যমেৰে সমাজখনত পোহৰৰ সূচনা কৰা দেশৰ প্ৰথম ৰাষ্ট্ৰপতি তথা এগৰাকী সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোৱেই ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

তেন্তে ৫ অক্টোবৰ কেনেকৈ শিক্ষক দিৱস ! ৫ অক্টোবৰটো বিশ্ব শিক্ষক দিৱস। এইদিনটো শিক্ষকসকলক তেওঁলোকৰ শিক্ষাৰ্থীসকললৈ আগবঢ়োৱা অৱদানৰ বাবে উদযাপন, ধন্যবাদ আৰু সন্মান জনোৱাৰ দিন।

এই দিনটোত, বহুতে একত্ৰিত হৈ দেশৰ লগতে বিশ্বব্যাপী শিক্ষকসকলে সন্মুখীন হোৱা সমস্যাবোৰ চিনাক্ত কৰিবলৈ আৰু সেই সমস্যাবোৰৰ সমাধান বিচাৰি সভা, সন্মিলন আদি আয়োজন কৰে।

সেইদৰে এইবেলিৰ ২০২২ চনৰ শিক্ষক দিৱসৰ বিষয়বস্তু হৈছে- “শিক্ষাৰ পৰিৱৰ্তন শিক্ষকৰ পৰা আৰম্ভ হয়”।

পাছে কিদৰে আৰম্ভ হল এই বিশ্ব শিক্ষক দিৱসৰ-
১৯৯৪ চনত ইউনেস্কো/আইএলঅ’ৰ পৰামৰ্শ গ্ৰহণক সন্মান জনোৱাৰ লক্ষ্যৰে ৫ অক্টোবৰক ইউনেস্কোৰ দ্বাৰা বিশ্ব শিক্ষক দিৱস হিচাপে ঘোষণা কৰা হৈছিল।

এইটো পেৰিছত ইউনেস্কোৰ দ্বাৰা আহ্বান কৰা আন্তঃচৰকাৰী সন্মিলনৰ এটা অংশ আছিল যিয়ে আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ (আইএলও) সহযোগিতাত শিক্ষকৰ মৰ্যাদা স্বীকাৰ কৰিছিল।

এই পৰামৰ্শ গ্ৰহণকৰাৰ পিছত, ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠনে (ইউনেস্কো) ৫ অক্টোবৰক বিশ্ব শিক্ষক দিৱস বুলি ঘোষণা কৰে।