অসমীয়া যুৱকৰ সাফল্য, নাম লিপিবদ্ধ কৰিলে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত…..

0
446
অসমীয়া যুৱকৰ সাফল্য, নাম লিপিবদ্ধ কৰিলে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত

অসমীয়া যুৱকৰ সাফল্য, নাম লিপিবদ্ধ কৰিলে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত…..

অসমীয়া যুৱকৰ সাফল্য, নাম লিপিবদ্ধ কৰিলে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত। সৰ্বাধিক উচ্চ ভূমিত এক ফেশ্বন শ্বো কৰি এইদৰে সফলতা লাভ কৰে বোকাজান নিবাসী সিদ্ধাৰ্থ নামৰ এজন যুৱকে।

কাৰ্বিআংলং জিলাৰ বোকাজানৰ নিবাসী বীৰেন্দ্ৰ পাণ্ডে আৰু মাতৃ কান্তী দেৱী পাণ্ডেৰ জ্যেষ্ঠ পুত্ৰ সিদ্ধাৰ্থ ভি পাণ্ডে অসম তথা কাৰ্বিআংলং জিলাৰ বোকাজানলৈ এই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

তেখেতে যোৱা আঠ বছৰ ধৰি বিভিন্ন বলিউডৰ তাৰকাৰ সৈতে বহু ছবি, ধাৰাবাহিক আৰু বিভিন্ন ধৰণৰ বিজ্ঞাপন সমূহ কৰাৰ সুযোগ লাভ কৰিছে।

বোকাজানৰ শুকানজান নিবাসী সিদ্ধাৰ্থ পাণ্ডে শেষতিয়াকৈ আন্তঃৰাষ্ট্ৰীয় ‘KASA’ নামৰ এটা ব্ৰেণ্ডৰ সৈতে চুক্তিবদ্ধ হৈ উক্ত ব্ৰেণ্ডটোৰ নেতৃত্বত এভাৰেষ্ট পৰ্বতৰ শিখৰত উপস্থিত হৈ ৰানৱে ফেশ্যন শ্বো কৰা দেখিবলৈ পোৱা গৈছে।

এভাৰেষ্ট পৰ্বতৰ ৫৫০০(5500) ফুট শিখৰত গৈ এই ফেশ্বন শ্বো কৰি Guinness world record for the highest altitude of land ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।

তেখেতৰ সৈতে যোৱা দলটিৰ মুঠ ন গৰাকী সদস্যৰ ভিতৰত তিনিগৰাকী ভাৰতৰ, লগতে আন ছয় গৰাকী বিভিন্ন বিদেশী মূলৰ লোক আছিল।

এনেদৰে এটা মধ্যবিত্ত পৰিয়ালৰ পৰা গৈ GUINNESS world record for the highest altitude fashion show on land ত নিজৰ নাম অন্তৰ্ভুক্ত কৰি বোকাজানৰ নাম উজ্বলাই তুলিছে সিদ্ধাৰ্থই।

Input and Photo- Suraj Gogoi

আৰু পঢ়ক : এতিয়াৰ পৰা মহাবিদ্যালয়ত নাথাকিব একাদশ আৰু দ্বাদশ শ্ৰেণী! ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ বাবে ৩ কোটি টকা…