28 C
Guwahati
Thursday, September 16, 2021
More

    ঘৰৰ চৌহদত কুৱাঁ খান্দি আছিল, কুৱাঁৰ ভিতৰৰ পৰা উদ্ধাৰ ৭০০ কোটিৰো অধিক মূল্যৰ…

    ঘৰৰ চৌহদত কুৱাঁ খান্দি আছিল, কুৱাঁৰ ভিতৰৰ পৰা উদ্ধাৰ ৭০০ কোটিৰো অধিক মূল্যৰ…

    ভাগ্যই কেতিয়া কাক, কিদৰে সহায় কৰে সেয়া কোনেও নাজানে। এইবাৰ এগৰাকী ব্যক্তিৰ জীৱনলৈ নামি আহিল ভাগ্যৰ ভাণ্ডাৰ। ঘৰৰ চৌহদত পানীৰ বাবে এটা কুৱাঁ খান্দি খাকোতেই তাৰ ভিতৰত উদ্ধাৰ হল এনে এবিধ সামগ্ৰী যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ৭০০ কোটিৰো অধিক।

    কুৱাঁ খান্দি থাকোতে শ্ৰমিকে উদ্ধাৰ কৰে নীলাভ হীৰা। অতিকে ডাঙৰ তথা দূৰ্লভ এই হীৰা উদ্ধাৰ কৰি হতবাক সকলো। এই ঘটনা শ্ৰীলংকাৰ। যি উদ্ধাৰ হোৱা হীৰা পৃথিৱীৰ ভিতৰতে সবাতোকৈ ডাঙৰ বুলি দাবী। ইয়াৰ ওজন ৫১০ কেজি।

    এই হীৰা টুকুৰাৰ মূল্য ১০ কোটি ডলাৰ যি ভাৰতীয় হিচাপত ৭,৪৩,৭৮,৬০,৭৬৯.৬০ টকা । হীৰা টুকুৰা উদ্ধাৰ হোৱা ঘৰৰ মালিকে নিজৰ নাম সদৰি কৰা নাই, তেখেত নিজেও এগৰাকী মূল্যবান পাথৰৰে ব্যৱসায়ী।

    হীৰা টুকুৰা সন্দৰ্ভত জানিব পৰা অনুসৰি ই বৰ্তমানে বহু শিল-মাটিৰে আগুৰি আছে। যাক চাফা কৰোতেই প্ৰায় এবছৰ মান সময় লাগিব। লগতে ৫১০ কেজি ওজনৰ এই হীৰা টুকুৰাটোৰ ভিতৰতো সকলো হীৰা নথকাৰো সন্দেহ ব্যক্ত।

    আৰু পঢ়ক : সামৰিক মৰ্যদাৰে বৰপেটাৰ কদমগুৰিত শ্বহীদ নজমূল হুছেইনৰ শেষকৃত্য সম্পন্ন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং