আপোনিও হৃদ ৰোগত আক্ৰান্ত নেকি ? বিশ্ব হৃদ দিৱসত জানো আহক এই ৰোগৰ কিছু নজনা কথা

0
112

আপোনিও হৃদ ৰোগত আক্ৰান্ত নেকি ? বিশ্ব হৃদ দিৱসত জানো আহক এই ৰোগৰ কিছু নজনা কথা

বিশ্বজুৰি হৃদআক্ৰমণ, ষ্ট্ৰোক আৰু অন্যান্য কাৰ্ডিওভাস্কুলাৰ ৰোগৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই ৰোগবোৰৰ বাবে বহু লোকে প্ৰাণও হেৰুৱাইছে।

ৱৰ্ল্ড হাৰ্ট ফেডাৰেচনৰ প্ৰতিবেদন অনুসৰি, বিশ্বত কাৰ্ডিওভাস্কুলাৰ ৰোগৰ ফলত প্ৰতি বছৰে ১.৮৬ নিযুত লোকৰ মৃত্যু হয়।

বহু সংখ্যক লোকে আৰম্ভণিতে এই ৰোগবোৰ চিনাক্ত কৰিবলৈ সক্ষম নহয়। এই ৰোগবোৰৰ বিষয়ে এতিয়াও সজাগতাৰ অভাৱ।

হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ বিষয়ে লোকসকলক সজাগ কৰিবলৈ প্ৰতি বছৰে ২৯ ছেপ্টেম্বৰত বিশ্ব হৃদ দিৱস পালন কৰা হয়।

হৃদৰোগৰ মুখ্য কাৰণবোৰ আৰু সেইবোৰ প্ৰতিৰোধ কৰি কেনেদৰে স্বাস্থ্যৱান হৈ থাকিব লাগে সেয়া আপুনি জানেনে? হৃদৰোগ বিশেষজ্ঞ সকলে জানিবলৈ দিয়া মতে আজিৰ যুগত কেৱল বয়সস্থ লোক সকলেই হৃদ ৰোগত আক্ৰান্ত নহয়।

বৰঞ্চ বহু কিশোৰ-কিশোৰীও এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। যুৱচামেও যিকোনো বয়সতে হৃদৰোগ আৰু অন্যান্য কাৰ্ডিওভাস্কুলাৰ ৰোগৰ সন্মুখীন হ’ব পাৰে।

ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে জীৱনশৈলীৰ অৱনতি আৰু ভুল অভ্যাস। দ্ৰুত গতিৰ জীৱনত বেছিভাগ লোকে চাপৰ সন্মুখীন হয়।

যাৰ ফলত কাৰ্ডিওভাস্কুলাৰ ৰোগ হ’ব পাৰে।উচ্চ ৰক্তচাপ, ডায়েবেটিচ, উচ্চ লিপিড, পাৰিবাৰিক ইতিহাস, মেদবহুলতা, ভুল খাদ্যাভ্যাস আৰু শাৰীৰিক সক্ৰিয়তা অবিহনে জীৱনশৈলীয়ে কম বয়সীয়া লোকৰ হৃৎপিণ্ডত আক্ৰমণৰ আশংকা বৃদ্ধি কৰিছে।

তাৰ বাহিৰেও ধূমপান,সুৰা,প্ৰদূষণ, জাংক ফুডকে ধৰি বহুতো কাৰকে হৃদৰোগৰ সৃষ্টি কৰিছে।
বুকু বিষ হৃদৰোগৰ লক্ষণ হ’ব পাৰে।

যদি বুকুৰ বিষ ক্ৰমান্বয়ে কান্ধ আৰু হনুলৈ যায়, তেনেহ’লে ই হৃদৰোগৰ এক ডাঙৰ লক্ষণ হ’ব পাৰে। বুকুত গধুৰতা,উশাহ লোৱাত অসুবিধা, হঠাতে ঘাম ওলোৱা হৈছে হৃদআক্ৰমণৰ মুখ্য লক্ষণ।

এনে পৰিস্থিতিত, হৃদৰোগ বিশেষজ্ঞৰ সৈতে পলম নকৰাকৈ যোগাযোগ কৰিব লাগে। অন্যথা অৱহেলাৰ ফলত আপোনাৰ মৃত্যু হ’ব পাৰে।