27 C
Guwahati
Monday, June 14, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অখিল গগৈৰ চিঠি- ‘প্ৰয়োজন হ’লে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো’

    অখিল গগৈৰ চিঠি- ‘প্ৰয়োজন হ’লে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো’

    কংগ্ৰেছ মহাজোঁটৰ পৰা এ আই ইউ ডি এফ ওলাই গ’লে ৰাইজৰ দলে মহাজোঁটক সমৰ্থন আগবঢ়াব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে।

    আজি গুৱাহাটীস্থ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই এ আই ইউ ডি এফ ওলাই গ’লে ‘ৰাইজৰ দল’ বিৰোধী মিত্ৰজোঁটৰ লগ লাগিব বুলি ঘোষণা কৰে।

    বিজেপি আৰু এ আই ইউ ডি এফ একে সাম্প্ৰদায়িক বুলি মন্তব্য কৰি তেওঁ কয়, ‘কোনো সাম্প্ৰদায়িক শক্তিৰ সৈতে মিত্ৰতা নকৰে ৰাইজৰ দলে। মিত্ৰতা কেৱল অসম জাতীয় পৰিষদৰ লগতে আমাৰ অক্ষুন্ন থাকিব’।

    এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত গোপন মিত্ৰতা আছে বুলিও মন্তব্য কৰে ভাস্ক’ ডি শইকীয়াই।

    ইফালে ২০১৯চনৰ ১২ ডিচেম্বৰৰ পৰা কাৰাবন্দী হৈ থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে জেইলৰ পৰাই এখন পত্ৰযোগে মহাজোঁট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে।

    পত্ৰখনত অখিল গগৈয়ে কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ সন্তুষ্ট নহয় বুলি মন্তব্য কৰি এয়া ঐতিহাসিক ভুল সিদ্ধান্ত বুলি কয়।

    প্ৰয়োজন হ’লে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, ‘বিৰোধী পক্ষই বিজেপিক পৰাভূত কৰাৰ ঐক্যৱদ্ধ আৰু ফলপ্ৰসূ সিদ্ধান্ত ল’ব পৰা নাই’।

    বিজেপিক পৰাভূত কৰাৰ উদ্দেশ্যেৰে কা বিৰোধী শক্তি সমূহ ঐক্যবদ্ধ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পত্ৰৰ জৰিয়তে আহ্বান অখিল গগৈৰ।

    তদুপৰি অখিল গগৈয়ে গণবিৰোধী বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে বিৰোধী দলবোৰৰ এজন উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ পোষকতা কৰিছে।

    আৰু পঢ়ক :  পেট্ৰ’লৰ মূল্যবৃদ্ধিত অতিষ্ঠ হৈ ঘোঁৰা চালনাৰ প্ৰশিক্ষণৰ অনুমতি বিচাৰিলে এগৰাকী অধিবক্তাই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং