
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দেশৰ উন্নয়নৰ বাবে চৰকাৰৰ প্ৰচেষ্টাত বঞ্চিত-নিষ্পেষিত আৰু পিছপৰা শ্ৰেণীক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি মন্তব্য কৰে।
অসমৰ বৰপেটা জিলাৰ ‘কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন’ত ডিজিটেলযোগে ভাষণ দিয়াৰ সময়ত মোদীয়ে কয় যে মহিলা সবলীকৰণৰ স্বাৰ্থত কেন্দ্ৰীয় বাজেট ২০২৩-২৪ত মহিলাৰ সঞ্চয়ৰ সূদৰ হাৰ বৃদ্ধিৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে।
তেওঁ কয়, ‘মহিলাৰ আয়ক তেওঁলোকৰ সবলীকৰণৰ মাধ্যম হিচাপে গঢ়ি তুলিবলৈ মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ পত্ৰ আৰম্ভ কৰা হৈছে। ইয়াৰ দ্বাৰা অসম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বহু লোক উপকৃত হ’ব আৰু তেওঁলোকৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব’।
প্ৰধানমন্ত্ৰীয়ে কয় যে অসম আৰু উত্তৰ-পূব দশক দশক ধৰি সংযোগ আৰু উন্নয়নৰ পৰা ‘বঞ্চিত’ হৈ আছিল যদিও বিগত আঠ বছৰৰ ভিতৰত চৰকাৰে অঞ্চলটোৰ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
মোদীয়ে কয়, ‘উন্নত পৰ্যটন সুবিধা, আধুনিক আন্তঃগাঁথনি, ডিজিটেল সংযোগৰ ব্যৱস্থা বাজেটত কৰা হৈছে আৰু এইবোৰে উত্তৰ-পূবৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব’।
তেওঁ কয় যে অঞ্চলটোৰ শিপিনীসকলৰ পৰম্পৰাগত দক্ষতাক এতিয়া বিশ্বজুৰি স্বীকৃতি দিয়া হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতিখন ৰাজ্যতে ‘ইউনিটি মল’ স্থাপন কৰিব, য’ত পৰম্পৰাগত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হ’ব।
ইয়াৰ উপৰি মোদীয়ে কয় যে অঞ্চলটোৰ এনেধৰণৰ সামগ্ৰীসমূহ গুৰুত্বপূৰ্ণ পৰ্যটনস্থলীতো প্ৰদৰ্শন কৰা হ’ব। যোৱা আঠ বছৰত হাতেৰে তৈয়াৰী পৰম্পৰাগত গামোছাৰ চাহিদা বৃদ্ধি পোৱা বুলিও তেওঁ উল্লেখ কৰে।