20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বৰফৰ পাহাৰ গলি ৪০ হাজাৰ বছৰ পুৰণি গঁড়ৰ মৰাশ উদ্ধাৰ

    ছাইবেৰিয়াৰ যাকুতিয়া নামৰ ঠাইত বৰফৰ পাহাৰ গলি এটা ৪০ হাজাৰ বছৰৰ আগৰ গঁড়ৰ মৰাশ উদ্ধাৰ কৰে। বোকাৰ মাজত সোমাই আছিল গঁড়টো।

    গঁড়টোৰ শৰীৰৰ কিছু অংশ এতিয়ালৈও সতেজ হৈ আছিল। এই গঁড়টোৰ দীঘল দীঘল নোম আছিল। জানিব পৰামতে এই গঁড়টোক দীঘল চুলি থকা গঁড় বুলিও কয়। পাহাৰত বনৰীয়া জীৱৰ পৰা বাচিবলৈ নদিৰ পানীত পৰি উটি আহি বোকাত লুটৰি পুটুৰি হৈ ৰৈ যোৱা বুলি সন্দেহ কৰে উদ্ধাৰকাৰী দলে।

    বৰফৰ পাহাৰ যুগত ইউৰোপত দীঘল চুলি থকা গঁড়ৰ প্ৰজাতি বাস কৰিছিল। উদ্ধাৰকাৰী দলে পৰীক্ষা কৰি কয় যে গঁড়টোৰ বয়স ২৫ ৰ পৰা ৪০ হাজাৰ বছৰ পুৰণি ।

    এই প্ৰজাতিৰ গঁড়টো কেবল ছাইবেৰিয়াতেই নহয় চীন আৰু দক্ষিণ কোৰিয়াতো পোৱা গৈছিল। যদিএ ওই গঁড়টোৰ শৰীৰৰ অৱশেষ বেলেগ ঠাইটো পোৱা গৈছিল।

    বতৰৰ সলনিৰ লগে লগে এই গঁড় বিধৰ প্ৰজাতি লাহে লাহে শেষ হৈ যাবলৈ ধৰিলে।

    এই গড়টোৰ উচ্চতা আছিল ৮ ফুট। গঁড়টোৰ শৰীৰৰ দেখি ৩ বা ৪ বছৰৰ হ’ব বুলি অনুমান কৰিছে।

    আৰু পঢ়ক : কাজিৰঙা‌ ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ বলীউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    কৰ’ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা

    কৰ'ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা। এদিনত অভিলেখ সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতেই এই সিদ্ধান্ত।