
“আজিকালি মহিলাসকলে বিদেশী গৰুৰ গাখীৰ খোৱাৰ কাৰণে আগতকৈ বেছি ফুলি উঠিছে”- প্ৰাথীৰ বিতৰ্কতি মন্তব্য
দেশজুৰি মহিলাৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰ জোৱাৰ উঠিছে। শেহতীয়াকৈ সামাজিক মাধ্যমত বিভিন্ন ৰাজনৈতিক নেতাৰ মহিলাৰ সন্দৰ্ভত উদ্ভট মন্তব্যই সকলোৰে চকু কঁপালত তুলিছে।
এইবাৰ ড্ৰাভিডা মুন্নেট্ৰা কাজহাগমৰ প্ৰাৰ্থী দিনদিগুল আই লিয়নিৰ এক বিতৰ্কিত মন্তব্যই ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে। লগতে তেওঁৰ মন্তব্যৰ ভিডিঅ’ ব্যাপকৰূপে ভাইৰেল হৈছে।
তামিলনাডু নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাথী গৰাকীয়ে কয় –“আজিকালি মহিলাসকলে বিদেশী গৰুৰ গাখীৰ খায়, সেইবাবে তেওঁলোকে অত্যাধিক ওজন বঢ়াইছে। পূৰ্বতে মহিলাৰ জংঘা (hips)ৰ আকৃতি ইংৰাজী ৪ (৮) সংখ্যাটোৰ দৰে আছিল। আগতে মহিলাসকলে সন্তানক জংঘাত বহুৱাই লব পাৰিছিল। কিন্তু আজিকালি মহিলাসকল ড্ৰামৰ নিচিনা হৈ গৈছে, সেইবাবে সন্তানক জংঘাত বহুৱাই লব নোৱাৰে।”
এই মন্তব্যৰ পিছতে বিজেপি নেত্ৰী গায়ত্ৰী ৰগুৰামে টুইটাৰত নেতাগৰাকীৰ মহিলাৰ প্ৰতি কোনো সন্মান নাই বুলি টুইট কৰে।
লগতে লিখে যে-“নিৰ্লজ্জকৰ ঘটনা, তেওঁ কিহৰ গাখীৰ খায়! তেওঁ জানেনে মহিলাসকল গৰ্ভৱতী হোৱাৰ পিছত শৰীৰৰত কি কি সলনি হয়!”
আৰু পঢ়ক : সমাপ্ত নিৰ্বাচনী প্ৰচাৰ! গোগামুখত বিজেপিৰ বিশাল পদযাত্ৰা