”আমাক পইচা দিব নোৱাৰিলে দেহ ব্যৱসায় কৰক বা কিডনি বিক্ৰী কৰক!” মাইক্ৰ ফাইনেঞ্চৰ পৰা ৰক্ষা পাবলৈ ইচ্ছামৃত্যুৰ আবেদন মহিলাৰ

মাইক্ৰ ফাইনেঞ্চে কৰা শোষণৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ মহিলা। মাইক্ৰ ফাইনেঞ্চৰ লোনৰ সূতৰ পৰা পৰিত্ৰাণ পাবলৈ ইচ্ছা মৃত্যুৰ অনুমতি বিচাৰি ৰাজহ চক্ৰ বিষায়লৈ স্মাৰক পত্ৰ প্ৰেৰণ

0
64

নাহৰকটীয়াত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে হাজাৰ হাজাৰ মহিলাই। মহিলা সকলৰ হুংকাৰ চৰকাৰখনেই যদি আমাৰ দুখ বেদনা বুজি নাপায়, তেন্তে ইচ্ছা মৃত্যু কৰিবলৈ দিয়ক আমাক। কিয় হঠাতে এনেদৰে চৰকাৰলৈ স্মাৰক পত্ৰৰ যোগেদি ইচ্ছা মৃত্যুৰ বাবে অনুমোদন বিচাৰিলে হাজাৰ হাজাৰ মহিলাই ? আমাক পইচা দিয়ক! যদি পইচা দিব নোৱাৰে তেন্তে দেহ ব্যৱসায় কৰক,নতুবা কিডনি বিক্ৰী কৰক। পুনৰ মাইক্ৰ ফাইনেঞ্চে কৰা শোষণৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ মহিলা। মাইক্ৰ ফাইনেঞ্চৰ লোনৰ সূতৰ পৰা পৰিত্ৰাণ পাবলৈ ইচ্ছা মৃত্যুৰ অনুমতি বিচাৰি ৰাজহ চক্ৰ বিষায়লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিলে হাজাৰ হাজাৰ মহিলাই।

ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ উদোগত আৰু নাহৰকটীয়া আঞ্চলিক মহিলা মঞ্চই ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আৰু বেচৰকাৰী বেংক সমূহৰ বিৰুদ্ধে নাহৰকটীয়াত এক বিশাল সজাগতা সভা অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা মহিলা সকলে সহজতে লোন লাভ কৰিছিল যদিও অধিক সূত হোৱাৰ বাবে এতিয়া বিপাঙত পৰিব লগা হৈছে মহিলাসকল। কোনো কোনো সময়ত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বাবে ঘৰৰ মাটি ভেঁটি কণো হেৰুৱাবলগীয়া হোৱাৰ লগতে আত্মহত্যাৰ দৰে পথ বাচি ল’ব লগা হৈছিল বহু কেইগৰাকী মহিলাই। আনকি মাইক্ৰ ফাইনেঞ্চৰ বিষয়া কৰ্মচাৰীসকলে দেহ ব্যৱসায় কৰি হলেও পইচা দিবলৈ হেঁচা প্ৰদান কৰে মহিলাসকলক।

যাৰ ফলত নাহৰকটীয়াত ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, গোলাঘাট জিলাৰ লগতে বিভিন্ন প্ৰান্তৰ মহিলাসকল এক গোট হৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে মাইক্ৰ ফাইনেঞ্চৰ বিৰুদ্ধে। মাইক্ৰ ফাইনেঞ্চৰ লোক গাওঁ অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰা, মাইক্ৰ ফাইনেঞ্চ বেংক সমূহ বন্ধ কৰা, মাইক্ৰ ফাইনেঞ্চৰ ঋণৰ পৰা মহিলাসকলক ৰেহাই দিয়া, মাইক্ৰ ফাইনেঞ্চৰ ঋণৰ পৰা পৰিত্ৰাণ নাপাই আত্মহত্যা কৰা মহিলাসকলৰ পৰিয়ালক ২০লাখকৈ টকা ক্ষতিপূৰণ দিয়া আদি কৰি কেইবাটাও দাবীত মহিলা সকলে চৰকাৰলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

আনহাতে যদিহে চৰকাৰে তেওঁলোকৰ এই সমূহ দাবী মানি নলয় তেন্তে এই স্মাৰক পত্ৰৰ যোগেদি এই ইচ্ছা মৃত্যুৰ বাবে চৰকাৰৰ ওচৰৰ পৰা অনুমতি বিচাৰিলে হাজাৰ হাজাৰ ভুক্তভোগী মহিলাই ।এতিয়া প্ৰশ্ন হয় চৰকাৰে নাকী লগাব পাৰিবনে কাঠ ফুলাৰ দৰে গঢ়ি উঠা এই সমূহ মাইক্ৰ ফাইনেঞ্চ কোম্পানীক? ন্যায় পাবনে ভুক্তভোগী মহিলাসকলে? এনে প্ৰেক্ষাপটত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়াহে লক্ষণীয় হ’ব।