
চৌদিশে কোভিড-১৯ৰ সন্ত্ৰাস। এনে সংকটপূৰ্ণ মূহুৰ্তত তামুলপুৰ মহকুমা সদৰৰ ৰাজপথত কেইগৰাকী মান মহিলা। মহিলা কেইগৰাকীৰ হাতে হাতে লাঠি। মাজে মাজে দেখা গৈছে মহিলা কেইগৰাকীয়ে লাঠিৰে ইংগিত দি ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমা সংযোগী পথত গাড়ী ৰখোৱাৰ দৃশ্য।
আচলতে এইসকল মহিলাই ৰাজপথত বিচৰা নাই কোনো চোৰ, ডকাইত বা অন্য অপৰাধী। প্ৰকৃততে এই মহিলা কেইগৰাকী হৈছে কভিড-১৯ যুঁজৰ একো একো গৰাকী অক্লান্ত সৈনিকহে। এই মহিলা কেইগৰাকী হৈছে তামুলপুৰ থানা এলেকাৰ অধীনৰ গাওঁৰক্ষী বাহিনীৰ সদস্যা।

তামুলপুৰ আৰক্ষীৰ নিৰ্দেশ মৰ্মে তামুলপুৰ অঞ্চলৰ ২০ গৰাকী মহিলা সদস্যাই প্ৰতিদিনে পালপাতি পালন কৰি গৈছে নিজৰ দায়িত্ব। কভিড-১৯ প্ৰতিহত কৰাৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নীতি নিয়মৰ ওপৰত চোকা দৃষ্টি ৰাখি আইনভঙ্গ কাৰী লোকৰ বিৰুদ্ধে গ্ৰহণ কৰিছে ব্যৱস্থা।
দুচকীয়া বাহনত দুগৰাকী লোকক উঠাত বাধা আৰোপ কৰাৰ উপৰিও মাস্ক নিপিন্ধাকৈ ওলাই অহা লোকক মাস্ক পিন্ধিবলৈ বাধ্য কৰাইছে এইসকল মহিলাই। লকডাউন চলি থকা সময়তে চৰকাৰে বান্ধি দিয়া নীতি নিয়ম মানি চলিবলৈ, সামাজিক দূৰত্ব বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনাইছে এই মহিলা সকলে। যাতে কভিড-১৯ৰ সংক্ৰমণ সহজতে প্ৰতিহত কৰিব পৰা যায়।
Photo credit: @abhijittalukdar