নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ পুনৰাবৃত্তি! চলন্ত বাছত প্ৰথমে দলৱদ্ধ ধৰ্ষণ; তাৰ পিছত পেলাই দিয়ে ৰাজপথত

আৰক্ষীয়ে কোৱা অনুসৰি মহিলাগৰাকীক অচেতন অৱস্থাত পোৱা যায়। মহিলাগৰাকীয়ে অচেতন অৱস্থাতে ক'লে যে তেওঁ এখন বাছেৰে গৈ আছিল আৰু তেওঁক কল্ড ড্ৰিংকছত নিচাযুক্ত দ্ৰব্য মিহলাই সেৱন কৰাইছিল

0
460

উত্তৰ প্ৰদেশৰ মেৰঠত নিৰ্ভয়া দলৱদ্ধ ধৰ্ষণৰ দৰে এক ঘটনা পোহৰলৈ আহিছে।

য’ত এগৰাকী মহিলাৰ সৈতে চলন্ত বাছত দলৱদ্ধ ধৰ্ষণ কৰি চালক আৰু কণ্ডাক্টৰে মহিলাগৰাকীক ৰাজপথত পেলাই থৈ পলায়ন কৰে।

পীড়িত মহিলাগৰাকীক আৰক্ষীয়ে মেৰঠৰ সদৰ থানা ক্ষেত্ৰত সন্দেহজনক ৰূপত অচেতন অৱস্থাত উদ্ধাৰ কৰে।

আৰক্ষীয়ে কোৱা অনুসৰি মহিলাগৰাকীক অচেতন অৱস্থাত পোৱা যায়।

মহিলাগৰাকীয়ে অচেতন অৱস্থাতে ক’লে যে তেওঁ এখন বাছেৰে গৈ আছিল আৰু তেওঁক কল্ড ড্ৰিংকছত নিচাযুক্ত দ্ৰব্য মিহলাই সেৱন কৰাইছিল।

ইয়াৰ পিছতে বাছৰ চালক আৰু কণ্ডাক্টৰে মহিলাগৰাকীৰ সৈতে কু-কাৰ্য সংঘটিত কৰিছিল আৰু তেওঁক ৰাজপথত পেলাই দিছিল।

আৰক্ষীয়ে লগতে ক’লে যে মহিলাগৰাকী ইয়াতকৈ অধিক তথ্য দিয়াৰ অৱস্থাত নাই।

শুকুৰবাৰে সংঘটিত হয় এই লোমহৰ্ষক ঘটনাটো। মহিলাগৰাকীয়ে কিছুমান কথা কোৱাৰ আধাৰতে তেওঁৰ স্বামীৰ ঘৰৰ সন্ধান অব্যাহত।

তাৰ পিছতহে জানিব পৰা যাব যে পীড়িত মহিলাগৰাকী ক’ৰ পৰা আহি আছিল ক’লৈ গৈ আছিল।

বৰ্তমান ঘটনাটোক লৈ আৰক্ষীৰ তদন্ত অব্যাহত।

মেডিকেল ৰিপৰ্টতে জানিব পৰা যাব যে এয়া বলাত্কাৰ নে দুৰ্ঘটনা। বৰ্তমান মহিলাগৰাকী হাস্পতালত চিকিত্সাধীন।

উল্লেখ্য যে চলন্ত বাছত ধৰ্ষণৰ এইটোৱেই প্ৰথমটো ঘটনা নহয়।

২০১২ত দিল্লীত সংঘটিত হোৱা নিৰ্ভয়া দলৱদ্ধ ধৰ্ষণ কাণ্ডই জোকাৰি থৈ গৈছিল সমগ্ৰ দেশ।

Photo Credit: thelogicalindian