28 C
Guwahati
Wednesday, October 13, 2021
More

    লখিমপুৰত টেম্পোৰ ভিতৰত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

    লখিমপুৰত টেম্পোৰ ভিতৰত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

    লখিমপুৰত এখন টেম্পোৰ ভিতৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

    প্ৰায় ডেৰ মাহৰ পৰা নিৰুদ্দেশ হৈ থকা লখিমপুৰৰ কাকৈ ৰাজগড়ৰ দুই সন্তানৰ মাতৃ এগৰাকীৰ মৃতদেহ জহিং আৰক্ষী চকীৰ সমীপৰ এখন টেম্পোত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি এই চাঞ্চল্যৰ সৃষ্টি হৈছে।

    উল্লেখযোগ্য যে, প্ৰায় ডেৰ মাহ পূৰ্বে লখিমপুৰৰ কাকৈৰ ৰাজগড়ৰ জিন্টু মানকীৰ পত্নী সিৰমা মানকী নামৰ মহিলা গৰাকী সন্ধানহীন হৈ আছিল।

    সিৰমা মানকীৰ স্বামী পত্নী নিৰুদ্দেশ হোৱা সন্দৰ্ভত লীলাবাৰী আৰক্ষীৰ ওচৰত এখন এজাহাৰো দাখিল কৰিছিল।

    কিন্তু আৰক্ষীয়ে মহিলা গৰাকীৰ সন্ধান লাভ কৰাৰ বিপৰীতে নিৰুদ্দেশ হোৱা মহিলা গৰাকীৰ মৃতদেহ এখন টেম্পোৰ ভিতৰতহে উদ্ধাৰ হয়।

    এই ঘটনাৰ পাছতে মহিলা গৰাকীৰ স্বামীৰ লপগতে চাহ জনজাতি ছাত্ৰ সন্থাই অভিযোগ কৰা মতে, বালিজানৰ কলদীপ তাতী নামৰ এজন লোকে মহিলা গৰাকীক পলুৱাই নি অৰুণাচলত দেহ ব্যাৱসায়ত লিপ্ত কৰোৱাৰ বাবেই মহিলা গৰাকীৰ মৃত্যু হয়।

    আটছা আৰু মহিলা গৰাকীৰ স্বামীয়ে শীঘ্ৰেই ঘটনাৰ উচিত তদন্তৰ দাবী জনায় দোষীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীক আহ্বান জনাইছে।

    আৰু পঢ়ক : বিদ্যালয়ত ছাত্ৰক শিক্ষকে গাড়ী ধুবলৈ দিয়াক কেন্দ্ৰ কৰি বিতৰ্ক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং