আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে দিল্লীৰ তাজমহল আৰু কুতুব মীনাৰত বিনামূলীয়া প্ৰৱেশ

0
138
আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে দিল্লীৰ তাজমহল আৰু কুতুব মীনাৰত বিনামূলীয়া প্ৰৱেশ

নাৰী তুমি অনন্যা, নাৰী তুমি সুন্দৰম, নাৰী তুমি শক্তিদায়িনী। আজি আন্তৰ্জাতিক নাৰী দিৱস। দেশৰ লগতে বিশব্যাপী পালন কৰা হৈছে আজি নাৰী দিৱস।

নাৰী দিৱসৰ এই শুভক্ষণত ভাৰত চৰকাৰে দেশ বিদেশৰ মহিলাসকলৰ বাবে এক বিশেষ উপহাৰ প্ৰদান কৰিছে।

আজিৰ এই বিশেষ দিনটোত প্ৰত্নতত্ব বিভাগ ভাৰতৰ দ্বাৰা সংৰক্ষিত সকলো ঐতিহাসিক ক্ষেত্ৰত মহিলাৰ প্ৰৱেশ বিনামূলীয়া কৰে।

বিভাগটোৰ সংযুক্ত মহানিৰ্দেশক এম নম্বিৰাজনে এক জাননীৰ দ্বাৰা এই কথা প্ৰকাশ কৰে। এই আদেশত উল্লেখ থকা অনুসৰি ভাৰতীয় পৰ্যটকৰ লগতে বিদেশী মহিলা পৰ্যটকৰ বাবেও আজিৰ দিনটোত প্ৰৱেশ বিনামূলীয়া কৰি দিয়া হৈছে।

ইযফালে নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে পোষ্ট কৰে।

আনহাতে সম্প্ৰতি উদ্যোগীকৰণৰ ক্ষেত্ৰত মহিলাৰ সক্ৰিয় ভুমিকাক লৈ ইউনিচেফে টুইট কৰি সন্মান জনায়।

সম্প্ৰতি সময়ত পুৰুষৰ সমানে সমানে নাৰীও সকলো দিশতে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে । নাৰী দিৱসৰ এই শুভক্ষণত গুগলেও এই বিশেষ দিনটোত নাৰীৰ প্ৰতি সন্মান জনায় এগৰাকী লেখিকাকে ধৰি বিজ্ঞানী, কণ্ঠশিল্পীৰ পৰা বঁটা বিজয়ী নাৰীসকলৰ প্ৰত্যেক সফলতাকে এক ভিডিঅ’ আকাৰে প্ৰস্তুত কৰে।

আৰু পঢ়ক : নিৰ্বাচনী আচৰণ বিধি বলবৎ, ৰাজ্যত মাত্ৰ ৯ দিনতে ২.৭২ কোটি টকা-২.৪০ লাখ লিটাৰ সুৰা জব্দ