
মৃত্যুৰ ১৫ দিন পিছত কবৰৰ পৰা ওলোৱা হ’ল মৃতদেহ। আদালতৰ নিৰ্দেশত মাটি খান্দি ওলোৱা হ’ল মহিলাৰ মৃতদেহ। এই ঘটনা সংঘটিত হৈছে হাইলাকান্দিৰ উজানকুপা গাঁৱত। ৫ ডিচেম্বৰত এইখন গাঁৱৰে এগৰাকী মহিলা আনছুৰ বিবি বড়ভূঞাৰ মৃত্যু হৈছিল।
মৃত্যুৰ পিছত মুছলমান ৰীতি–নীতি অনুসৰি কবৰ দিয়া হৈছিল। কিন্তু আচৰিতভাৱে মহিলাগৰাকীৰ মৃত্যুৰ এসপ্তাহৰ পিছতে হঠাৎ মৃত মহিলাগৰাকীৰ ভগ্নী কুটিনা বিবি বৰভূঞাই হাইলাকান্দি মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত ৰজু কৰিলে এটা গোচৰ। গোচৰত মৃত আনছুৰ বিবি’ক হত্যা কৰা হৈছে বুলি দাবী কৰিলে ভগ্নী কুটিনা বিবিয়ে। পিছত আদালতে ১৭ ডিচেম্বৰত আৰক্ষীক মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি শুকুৰবাৰে হাইলাকান্দি আৰক্ষীয়ে কবৰৰ পৰা মৃতদেহ উদ্ধাৰ কৰি হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Photo credit: Time8