চিৰাঙত জঘন্য ঘটনা ! বিশেষ ভাৱে সক্ষম স্বামীৰ সুযোগ লৈ মহিলাক ধৰ্ষণ গাওঁবুঢ়াৰ

0
14448

চিৰাঙত জঘন্য ঘটনা ! বিশেষ ভাৱে সক্ষম স্বামীৰ সুযোগ লৈ মহিলাক ধৰ্ষণ গাওঁবুঢ়াৰ

চিৰাং জিলাৰ বিজনীৰ বাতাবাৰীৰ লকডাউন বজাৰত এগৰাকী অসহায় মহিলাক ধৰ্ষন কৰাৰ অভিযোগ উত্থাপন হৈছে । জহৰ আলী শ্বেখ নামৰ লম্পট প্ৰাক্তন গাওঁবুঢ়াজনৰ কামনাৰ বলি হৈছে এগৰাকী অসহায় মহিলা ।

জানিব পৰা মতে দৰিদ্ৰ আৰু স্বামী বিকলাংগ হোৱাৰ বাবে মহিলাগৰাকীয়ে পুৱাৰ পৰা আৱেলি লৈ বাতাবাৰীৰ লকডাউন বজাৰত চাহৰ দোকান দি কোনোমতে পৰিয়ালটোক পোহপাল দি আছিল।

কিন্তু যোৱা ২৮ নৱেম্বৰত লম্পট জহৰ আলীয়ে পুৱা প্ৰায় ৪ মান বজাত দোকানত আহি চোকা অস্ত্ৰ দেখুৱাই মহিলাগৰাকীক ধৰ্ষণ কৰে । উপায়হীন হৈ মহিলাগৰাকীয়ে স্বামী আৰু পৰিয়ালৰ লোকক অৱগত কৰাৰ পিছত জহৰ আলীক হাতেলোটে কৰায়ত্ব কৰে যদিও পলায় যাবলৈ সক্ষম হয় ।

পিছত মহিলা গৰাকীয়ে বিজনী থানাত গাওঁবুঢ়াজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিওঁ এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে । পূৰ্বেতেও লম্পট জহৰ আলী ধৰ্ষণৰ গোচৰত জেলৰ ভাত খাবলগীয়া হৈছিল বুলি জানিব পৰা গৈছে।