30 C
Guwahati
Monday, September 20, 2021
More

    ছচিয়েল মিডিয়াৰ নিচা, ১৬০ ফুট উচ্চতাৰ পৰা ভিডিঅ বনাই থকাৰ সময়তে পিছলিল ভৰি, সকলো ৰেকৰ্ড হৈ যায় মোবাইলত..

    ছচিয়েল মিডিয়াৰ নিচা, ১৬০ ফুট উচ্চতাৰ পৰা ভিডিঅ বনাই থকাৰ সময়তে পিছলিল ভৰি, সকলো ৰেকৰ্ড হৈ যায় মোবাইলত..

    ছচিয়েল মিডিয়াৰ নিচা কেনেকুৱা সেয়া সকলোৱে জানে। আজি কালি সকলোৰে হাতে হাতেই স্মাৰ্ট ফোন। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, টুইটাৰ আদিত সকলোতে কিবা নহয় কিবা প্ৰকাৰে ব্যস্ত হৈ থাকেই। ছচিয়েল মিডিয়াত ব্যস্ত হৈ থকাই এগৰাকী মহিলাৰ লগত সংঘটিত হয় দুৰ্ঘটনা।

    ছচিয়েল মিডিয়াত ভিডিঅ আপলোড কৰাৰ উদ্দেশ্য ১৬০ ফুট উচ্চতাৰ ভিডিঅ বনাই আছিচিল এগৰাকী চীনা মহিলাই। যি মহিলা ছচিয়েল মিডিয়াত খুবেই সক্ৰিয়। দিনটোৰ কৰ্মব্যস্ততাৰ মাজতো ভিডিঅ বনাই আপলোড কৰি থাকে ছচিয়েল মিডিয়া একাউণ্টত।

    তাৰে কাৰণেই এক ভিডিঅ বনাই থাকোতেই হঠাতে ভৰি পছলি ১৬০ ফুট তললৈ সৰি পৰে মহলাগৰাকী। পিছে হাততে থাকি যায় মোবাইল। সকলো দৃশ্য মোবাইলৰ কেমেৰাত আৱদ্ধ হৈ ৰয়।

    পিছে ১৬০ ফুট উচ্চতাৰ পৰা পৰাৰ ফলত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী। কিন্তু হাস্পতাললৈ নিয়াৰ পূৰ্বেই প্ৰাণ হেৰুৱায়য়ে। উল্লেখ্য যে, মহিলাগৰাকীৰ ছচিয়েল মিডিয়া একাউণ্টত অনুৰাগীৰ সংখ্যা লাখৰো অধিক।

    আৰু পঢ়ক : পৰ্ণ নহয়, এৰোটিকা ছবি হে নিৰ্মাণ কৰে ৰাজ কুন্দ্ৰাই, তেওঁ সম্পূৰ্ণ নিৰ্দোষী- শিল্পা ছেট্টী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং