বিলাসীপাৰাৰ লক্ষীগঞ্জ দ্বিতীয় খণ্ড গাঁৱত দুই কন্যা সন্তানসহ প্ৰাক্তন সেনা জোৱানৰ পত্নী সন্ধানহীন পৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁও খনৰ বাসিন্দা তথা ভাৰতীয় সেনা বাহিনীৰ জোৱান পদৰ পৰা অৱসৰ গ্ৰহণ কৰা আতোৱাৰ ৰহমানৰ পত্নী মাহমুদা ৰহমান আৰু দুই কন্যা ক্ৰমে আৰিফা ৰহমান আৰু আফ্ৰুজা ৰহমান ।যোৱা ৫ জানুৱাৰীৰ নিশা নিজ গৃহৰ পৰাই সন্ধানহীন হৈ পৰে। পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া মতে সিদিনা নিশা ঘৰত কোনো লোক নথকা অৱস্থাত দুই কন্যা সন্তানসহ মহিলা গৰাকী সন্ধানহীন হৈ পৰে।
পিছ দিনা অৰ্থাৎ ৬ জানুৱাৰীত ঘটনাৰ বিষয়ে জানিব পাৰি পৰিয়ালটোৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পিছত আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিও শিশু দুটি সহ মহিলা গৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ।এই ঘটনাৰ পাছতেই পৰিয়ালৰ লোকে লক্ষীগঞ্জ আৰক্ষী চকীত নিৰুদ্দেশ সম্পৰ্কে এটা গোচৰ ৰুজু কৰে।
উল্লেখ্য যে, ১৯৯৯ চনত ভাৰতীয় সেনা বাহিনীত যোগদান কৰা আতোৱাৰ ৰহমানে জম্মু কাশ্মীৰত নিয়োজিত হৈ সময়ত জম্মুৰ ছাম্বা জিলাৰ ৰামগড়ৰ মাহমুদাক ২০১১ চনৰ ৮ জুনত প্ৰেম বিবাহ কৰাইছিল। তাৰ পিছত ২০১৫ চনত স্বেচ্ছাই সেনা বাহিনীৰ পৰা অৱসৰ লৈ লক্ষীগঞ্জৰ নিজ গৃহ লৈ আহে। যোৱা ৫ জানুৱাৰীৰ নিশা পত্নী সহ দুই কন্যা সন্তান সন্ধানহীন হৈ পৰাত শোকত ভাগি পৰিছে পৰিয়ালৰ লোক।
আৰু পঢ়ক : হাই এলাৰ্ট জাৰি, দেশৰ মুঠ ৭ ৰাজ্যত বাৰ্ড ফ্লুৰ সংক্ৰমণ