বিবাহ বিচ্ছেদৰ পিছত নিজৰ পোহনীয়া কুকুৰৰ লগত বিয়াত বহি মহিলাই ক’লে ”স্বামীতকৈ বেছি সুখত ৰাখে”

0
9620
বিবাহ বিচ্ছেদৰ পিছত নিজৰ পোহনীয়া কুকুৰৰ লগত বিয়াত বহি মহিলাই ক'লে

বিবাহ বিচ্ছেদৰ পিছত নিজৰ পোহনীয়া কুকুৰৰ লগত বিয়াত বহি মহিলাই ক’লে ”স্বামীতকৈ বেছি সুখত ৰাখে”

আমি বহু সময়ত কিছুমান আচৰিত খবৰ শুনো কিন্তু কিছুমান খবৰে বিবুধিত পেলাই সকলোকে। ইয়াৰ মাজতে লণ্ডনত বাস কৰা এগৰাকী মহিলাৰ খবৰে আচৰিত কৰি তুলিব আপোনাক।

মহিলা গৰাকীয়ে নিজৰ পোহনীয়া কুকুৰটোৰ লগত বিবাহ-পাশত আৱদ্ধ হয়।মহিলা গৰাকীৰ নিজৰ স্বামীৰ লগত বিবাহ বিচ্ছেদ হৈছিল আৰু তাৰ পিছতেই তেওঁ কুকুৰটোৰ লগত বিবাহ-পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তেওঁলোকৰ বিয়াত প্ৰায় ২০০ জনকৈ লোকে অংশগ্ৰহণ কৰে।৪৭ বছৰীয়া অমাণ্ডা ৰেজাৰ্ছে কয় যে এই বিয়াক লৈ তেওঁ অত্যন্ত সুখী।লগতে কয় যে তেওঁক এজন জীৱন সংগীৰ পৰা যি বিচাৰিছিল সেয়া তেওঁ ছেবা(কুকুৰটোৰ নাম)ৰ পৰা লাভ কৰিছে।

অমাণ্ডাই কয় যে বিবাহ বিচ্ছেদৰ পিছত তেওঁ একেবাৰে অকলশৰীয়া হৈ পৰিছিল আৰু কুকুৰটোৱে তেওঁক স্বামীতকৈ বেছি সুখী ৰাখে।অমাণ্ডাই সম্পূৰ্ণ নীতি নিয়মৰ সহায়ত কুকুৰটোৰ লগত বিয়া পাতে।অমাণ্ডাই কয় যে ছেবা মোৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংশ। তেওঁ মোক হহুৱাই মোক সুখী ৰাখে।

অমাণ্ডাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকৰ সম্পৰ্কক লৈ কুকুৰটোও বহুত সুখী আৰু আশা কৰে পৰৱৰ্তী সময়ত এই সম্পৰ্ক আৰু অধিক ভাৱ হ’ব ।

আৰু পঢ়ক : মানকাছাৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ অভিযানত ভাং, চোৰাং গৰু সহ এজনক আটক