চাঞ্চল্যকৰ ঘটনা ! প্ৰেমিকৰ সৈতে মিলি মাতৃয়ে হত্যা কৰিলে তিনি বছৰীয়া কন্যাক , চলন্ত ৰে’লৰ পৰা পেলালে মৃতদেহ

0
193

চাঞ্চল্যকৰ ঘটনা ! প্ৰেমিকৰ সৈতে মিলি মাতৃয়ে হত্যা কৰিলে তিনি বছৰীয়া কন্যাক , চলন্ত ৰে’লৰ পৰা পেলালে মৃতদেহ

ৰাজস্থানৰ শ্ৰীগঙ্গানগৰ জিলাত এটা লজ্জাজনক ঘটনা সংঘটিত হৈছে। এগৰাকী বিবাহিত মহিলাই তেওঁৰ প্ৰেমিকৰ সৈতে মিলি তেওঁৰ তিনি বছৰীয়া জীয়েকক
হত্যা কৰে। অভিযুক্ত দুজনক সুনীতা আৰু ছানি ওৰফে মাল্টা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি বুধবাৰে নিশা মহিলাগৰাকীয়ে তেওঁৰ তিনি বছৰীয়া কন্যা কিৰণক প্ৰথমে ডিঙি চেপি হত্যা কৰে। তাৰ পিছত ছানিৰ সহায়ত শিশুটিৰ মৃতদেহটো এখন কাপোৰে মেৰিয়াই শ্ৰীগংগানগৰ ৰে’ল ষ্টেচনলৈ গৈছিল। তেওঁলোকে পুৱা ৬.১০ বজাত এখন ৰে’লখনত উঠিছিল ।

ৰে’লখন যেতিয়া ফাতুহি ৰে’ল ষ্টেচন পাৰ হৈ আগত থকা নদী খনৰ ওপৰত থকা দলংখন পাইছিল গৈ তেতিয়া তেওঁলোকে চলন্ত ৰে’লখনৰ পৰা মৃতদেহটো নদীখনত পেলাই দিছিল। কিন্তু দুৰ্ভাগ্যৱশত: মৃতদেহটো নদীত নপৰি ৰে’লপথৰ ওচৰত পৰি গৈছিল।

বৃহস্পতিবাৰে পুৱা শিশুটিৰ মৃতদেহটো ৰে’লপথৰ কাষত উদ্ধাৰ কৰা হৈছিল। আৰক্ষীয়ে তদন্ত কৰি শিশুটিক চিনাক্ত কৰাৰ পিছত সুনীতাক বিচাৰি উলিয়াইছিল আৰু তাইক সোধা-পোছাৰ বাবে মাতিছিল । আৰু জেৰাৰ সময়ত সুনীতাই তেওঁৰ জীয়েকক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে পাঁচটা সন্তান থকা সুনীতাই শাস্ত্ৰী নগৰত ছানী আৰু তেওঁৰ দুগৰাকী কন্যাৰ সৈতে বাস কৰে আনহাতে তিনিটা সন্তান তেওঁলোকৰ স্বামীৰ সৈতে বাস কৰে।ইতিমধ্যে অভিযুক্ত দুয়োজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।